26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ২০২৩ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং, মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে অন্তিম সময়সীমা

    আজি ১৬ জুন বুধবাৰে লোক নিৰ্মাণ বিভাগ তথা গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২০২৩ ৰ ভিতৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং সম্পূৰ্ণ কৰাৰ নিৰ্দেশ বিভাগটোক।

    ‘অসম মালা’ আঁচনিৰ অন্তৰ্গত সকলো কাম শীঘ্ৰেই সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰীৰ। আজি গুৱাহাটী ফটাশিল আমবাৰী স্থিত গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ লগতে, পলাশবাৰী-শুৱালকুছি সংযোগী দলং আৰু পথ নিৰ্মাণৰ কামৰ তদাৰক কৰে।

    মুখ্যমন্ত্ৰী শৰ্মাক বিভাগৰ অধিকাৰী তথা অভিযন্তা সকলে সকলো কামৰ খতিয়ান দাঙি ধৰাৰ লগতে গুৱাহাটীৰে সৈতে উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম ৩৭ শতাংশ আগবঢ়া বুলি জানিবলৈ দিয়ে।

    ইয়াৰ বাহিৰে মুখ্যমন্ত্ৰী শৰ্মাই লক্ষীমপুৰ ঘূণাসুতি আৰু কুমাৰীকাটা আৰু জলাহ সংযোগী পাগলাদিয়া নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে নক্সা তৈয়াৰ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে।

    আৰু পঢ়ক : ২৫ বছৰে ধৰি ৰোগীক চিকিৎসা প্ৰদান কৰা ভুৱা চিকিৎসক আটক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং