দৈনিক পানী লৈ কৰ পৰিশোধ নকৰা লোকসকলক এতিয়াৰে পৰা পানী যোগান নধৰে গুৱাহাটী পৌৰ নিগমে

0
46

প্ৰতিদিনে পানী লোৱাৰ বাবদ দিবলগীয়া কৰ নিদিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম। যিসকল লোকে পানীৰ বাবদ কৰ দিয়া নাই তেওঁলোকৰ পানী যোগান ব্যাহত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে পৌৰ নিগমে।

সুচাৰুৰূপে পানী যোগান ব্যৱস্থা পৰিচালনা কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিএমচিৰ তৰফৰ পৰা অভিযান চলোৱাৰ পিছতে যিসকল লোকে কৰ দিয়া নাই তেওঁলোকক কৰ দিয়াৰ বাবে আহ্বান জনোৱাৰ সমান্তৰালকৈ নিদিয়াসকলক পানী যোগান নধৰাৰ কথা ঘোষণা কৰা হৈছে।