গুৱাহাটীত কাৰ্যকৰী হ’ল লকডাউনৰ নতুন নীতি নিয়ম, কি কি কৰিব নোৱাৰিব এই সময়ত

0
1228
নতুন নিৰ্দেশনা! কাইলৈৰ পৰা বন্ধ হ'ব সকলো ধৰণৰ দোকান-পোহাৰ, কেনেদৰে
প্ৰতীকি ফটো

কামৰূপ মহানগৰ জিলা্ত ১২ জুলাই, ২০২০ৰ পৰা ১৯ জুলাই, ২০২০ লৈকে অব্যাহত থাকিব লকডাউন। কিছু সময় পূৰ্বে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাননী জাৰি কৰিছে। সন্ধিয়া ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব লগা এই লকডাউনৰ নীতি নিয়ম ১৯ জুলাইৰ সন্ধিয়া ৭ বজালৈকে অব্যাহত থাকিব।

মুখ্য সচিবগৰাকীয়ে সদৰি কৰা অনুসৰি, স্বাস্থ্যখণ্ডৰে জড়িত তথা জৰুৰীকালীন বাহনৰ বাদে সকলো বাহন আৰু লোককে কামৰূপ মহানগৰ জিলাত চলা-ফুৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সকলো চৰকাৰী আৰু বে-চৰকাৰী কাৰ্যালয়ো বন্ধ থাকিব।

সোমবাৰৰ পৰা শুকুৰবাৰলৈ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। অৱশ্যে অকলশৰীয়াকৈ থকা গেলামালৰ দোকান খুলিব পাৰিব। খোলাৰ সময় পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈকে। প্ৰতিখন দোকানে সামাজিক দূৰত্ব তথা কভিড প্ৰট’কল মানি চলিব লাগিব। চাওঁক চৰকাৰৰ নিৰ্দেশনা

ঐদ্যোগিক ক্ষেত্ৰসমূহো বন্ধ থাকিব এই সময়ত। অৱশ্যে যিসমূহ উদ্যোগ বন্ধ কৰিব পৰা নাযায় বা বন্ধ নকৰাকৈ প্ৰতি মুহূৰ্ততে চলাই ৰখা হয় তেনে সমূহ উদ্যোগ চলি থাকিব।

সকলো প্ৰকাৰৰ ৰাজহুৱা পৰিবহন এই সময়ত বন্ধ থাকিব। সকলো প্ৰকাৰৰ শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আৰু প্ৰশিক্ষণ অনুষ্ঠান, কোচিং ইনষ্টিটিউট এই সময়ত বন্ধ থাকিব।

সকলো ধৰ্মীয় অনুষ্ঠানো এই সময়ত বন্ধ থাকিব। সকলো প্ৰকাৰৰ সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, সাংস্কৃতিক আদি অনুষ্ঠান এই সময়ত বন্ধ থাকিব।

অন্যেষ্টিক্ৰিয়াৰ সময়তো ২০ জনৰ অদিক লোকক সমবেত হ’বলৈ দিয়া নহ’ব। অনাৱশ্যকীয় আৰু এৰাই চলিব পৰা সকলো অনষ্ঠান এই সময়ত অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া নহ’ব।

কোনো লোকে ৰাজহুৱা স্থানত থু পেলালেও তেওঁ শাস্তিৰ সন্মুখীন হ’ব। সুৰা, পানমচলা, গুটখা, ধঁপাত আদিও এই সময়ত ৰাজহুৱা স্থানত বিক্ৰী আৰু ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো লোকে আইন অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ’ব।

Photo Credit: The Print