33 C
Guwahati
Wednesday, October 13, 2021
More

    অসমত তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দিয়া ১৪ জন লোকক জামিন প্ৰদান

    অসমত তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দিয়া ১৪ জন লোকক জামিন প্ৰদান

    গুৱাহাটী উচ্চ ন্যায়ালয় আৰু সত্ৰ ন্যায়াধীশ আদালতে অসমত তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দিয়াৰ অভিযোগত আটক কৰা ১৬ জন লোকৰ ১৪ জনক জামিন প্ৰদান কৰে।

    আগষ্ট মাহত আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ পাছতে অসমতো তালিবানৰ সমৰ্থনত কিছুসংখ্যক লোকে সামাজিক মাধ্যমত পোষ্ট দিছিল।

    ইয়াৰ পাছতে অসম আৰক্ষীয়ে বে-আইনী কাৰ্য্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত উক্ত লোকসকলক আটক কৰিছিল।

    তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দি গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত অসম আৰক্ষীৰ চাইদুল হক নামৰ এজন কনিষ্ঠবলো আছিল।

    গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰথমে চাইদুল হকক জামিন প্ৰদান কৰিছিল।

    ইপিনে, ধুবুৰী সত্ৰ ন্যায়াধীশ আদালতে খান্দকাৰ নুৰ আলম আৰু চৈয়দ আহমেদ নামৰ দুজন লোকৰ জামিন আবেদন নাকচ কৰে।

    আৰু পঢ়ক : আজি মহা অষ্টমী, ঢকুৱাখানাৰ ঐতিহাসিক শ্ৰী শ্ৰী ইশ্বৰী আৰ্হি দেৱালয়ত ৰীতি-নীতিৰে ম’হ বলিৰ প্ৰস্তুতি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং