গুৱাহাটীবাসীয়ে আৰু আঢ়ৈ বছৰ ভুগিব লাগিব দুৰ্ভোগ, ইয়াৰ পূৰ্বে নাপাব খোৱা পানী

0
413
গুৱাহাটীবাসীয়ে আৰু আঢ়ৈ বছৰ ভুগিব লাগিব দুৰ্ভোগ, ইয়াৰ পূৰ্বে নাপাব খোৱা

বিশুদ্ধ খোৱাপানীৰ সমস্যাই জ্বলা কলা খুওৱা গুৱাহাটী মহানগৰীৰ বাসিন্দাই এই গুৰুতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু আঢ়ৈ বছৰৰো অধিক কাল অপেক্ষা কৰিব লাগিব।

হয়, ঠিকেই পঢ়িছে। অসমৰ ৰাজধানী তথা সমগ্র উত্তৰ–পূবৰ প্রৱেশ দ্বাৰ গুৱাহাটীত আৰু আঢ়ৈ বছৰৰ পূৰ্বে খোৱা পানী লাভ নকৰে বুলি আজি প্ৰায় স্পষ্ট ৰূপত কৈছে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে।

গুৱাহাটীত আজি এক অনুষ্ঠানত অংশ লোৱাৰ পিছত মন্ত্ৰী সিংঘালে সংবাদ মাধ্যমৰ আগত কয়, ‘নৱেম্বৰৰ শেষ ভাগ বা ডিচেম্বৰৰ প্ৰথম ভাগত সংবাদ মেলৰ জৰিয়তে জনাম যে গুৱাহাটীৰ কোনটো অঞ্চলত কেতিয়া পানী পাব’।

ইয়াৰ উপৰি সেই সংবাদ মেলতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিব বুলি কৈছে যে পানী যোগানৰ বাবে চলি থকা প্ৰকল্পৰ কাম কেতিয়া অন্ত পৰিব।

‘প্ৰকল্পৰ কাম অহা আঢ়ৈ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু অহা বছৰৰ মাৰ্চ মাহৰ পৰা কিছু কিছু স্থান বিশেষ পানী যোগান ধৰা হ’ব’, এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

ইফালে স্মাৰ্ট চিটিৰ অধীনত পূৰ্বৰ চৰকাৰৰ দিনত চলা পানীৰ প্ৰকল্প সমূহক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ত আগন্তুক সময়ত বিভাগীয় বিষয়াৰে পৰ্যালোচনা কৰিব বুলিও জনায়।

আনহাতে মন্ত্ৰী সিংঘালে আন এক সমস্যা কৃত্ৰিম বান সন্দৰ্ভতো মন্তব্য কৰে। কৃত্ৰিম বানৰ সমস্যা নিষ্পত্তিৰ বাবে চৰকাৰক তিনি-চাৰি বছৰ লাগিব বুলি কয়।

উল্লেখ্য যে, বিগত কেইবাখনো চৰকাৰে গুৱাহাটীবাসীৰ খোৱাপানী সমস্যা সমাধানৰ বাবে হাজাৰ কোটি টকীয়া বহু পানী যোগান আঁচনি গ্ৰহণ কৰাৰ পিছতো আজি পৰ্যন্ত মহানগৰীৰ ৭০ শতাংশৰো অধিক লোকে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী।

খাৰঘূলিত জি এম ডি এৰ অধীনত নিৰ্মাণ কৰি থকা জাইকাৰ সাহায্যপ্ৰাপ্ত পানী যোগান প্ৰকল্পৰ কাম আজিও সম্পূৰ্ণ হৈ নুঠিল। প্ৰায় ৬০-৭০ শতাংশ কাম অসম্পূৰ্ণ হৈ থকা আঁচনিৰ অধীনত ১৯১ এম এল ডি পানী যোগান ধৰাৰ লক্ষ্য বান্ধি লৈছিল।

ইতিমধ্যে নিৰ্ধাৰিত সময়তকৈ পাঁচবছৰ অতিক্ৰম কৰাৰ পিছতো জাপানী সংস্থা জাইকাৰ সাহায্যপ্ৰাপ্ত এই পানী যোগান আঁচনিৰ অধীনত কেতিয়া পানী যোগান ধৰা হ’ব সেয়া কল্পনাৰ বাহিৰত।

আৰু পঢ়ক : মহানগৰীত বৰ্দ্ধিত ভাড়াৰ বিৰুদ্ধে অভিযান- জব্দ ৫খন বাহন, ৩০খনৰ বিৰুদ্ধে গোচৰ ৰুজু