কৰ’ণাৰে যুঁজ দিবলৈ জাম্বো ৰুফিঙৰ স্বত্বাধিকাৰীৰ ২৫ লাখ টকাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সহায়ৰ হাত

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এই সাহায্য আগবঢ়াই তিনি ব্যৱসায়ীয়ে

0
51

কৰ’ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এতিয়া দেশৰ লগতে অসমৰ বিভিন্ন জনে আগবঢ়াইছে সহায়ৰ হাত। সাধাৰণ ৰাইজৰ লগতে বহু শিল্পীয়েও অসম আৰোগ্য নিধি আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে অনুদান।

এইবাৰ সহায়ৰ বাবে আগবাঢ়িল গুৱাহাটীৰ অন্যতম ব্যৱসায়িক প্ৰতিষ্ঠান জাম্বো ৰুফিঙৰ স্বত্বাধিকাৰী মনোজ কয়াল, দীপক কয়াল আৰু ৰবি আগৰৱালে। উল্লেখ্য যে এই তিনিগৰাকীৰ ভিতৰত মনোজ কয়াল আৰু দীপক কয়াল উত্তৰ-পূূবৰ অন্যতম অনলাইন ৱেব প’ৰ্টেল TIME8ৰ সঞ্চালক।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এই সাহায্য আগবঢ়াই তিনি ব্যৱসায়ীয়ে। মুঠ ২৫ লাখ টকাৰ এখন চেক প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰীৰ হাতত। সেই সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুজ হাজৰিকা।

Photo Credit: @nhm_assam