
ৰাজ্যত ১৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব গুণোৎসৱ ! কোন কোন জিলাত কেতিয়া কেতিয়া অনুষ্ঠিত হ’ব গুণোৎসৱ
পুনৰ শিক্ষানুষ্ঠান সমূহত অনুষ্ঠিত হ’ব গুণোৎসৱ। ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব এই গুণোৎসৱ। ১৮ জানুৱাৰীত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ , ১ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু ১৫ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব।
১৮ জানুৱাৰীত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ,কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচাৰ, তিনিটুকীয়া আৰু ওদালগুৰিত অনুষ্ঠিত হ’ব।
আনহাতে ১ ফেব্ৰুৱাৰীৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাক্সা, চিৰাং, চৰাইদেউ,ধুবুৰী, ডিমা হাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ(ম),শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং ত অনুষ্ঠিত হ’ব।
আৰু ১৫ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ বিশ্বনাথ, বঙাইগাঁও, দৰং,ধেমাজী, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব।