29 C
Guwahati
Wednesday, September 28, 2022
More

    পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, নিৰ্বিচাৰে গুলিচালনা কৰাত ১১ লোকৰ মৃত্যু বহু আহত

    পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, নিৰ্বিচাৰে গুলিচালনা কৰাত ১১ লোকৰ মৃত্যু বহু আহত। ইউৰোপীয় দেশ মণ্টেনিগ্ৰোত সংঘটিত হৈছে এই ভয়ংকৰ গুলীচালনাৰ ঘটনা।

    যি ঘটনাত ২ টি শিশুসহ মুঠ ১১ গৰাকী লোক নিহত হয়, লগতে অন্য ৬ গৰাকী লোক গুৰুতৰভাৱে আহত। ঘটনাটোৰ পাছত আৰক্ষীয়ে আক্ৰমণকাৰীকো এনকাউণ্টাৰ কৰি নিধন কৰে।

    আক্ৰমণৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল। যাৰ পিছত আৰক্ষীয়ে আক্ৰমণকাৰীক লক্ষ্য কৰি লৈছিল ৰখোৱাৰ বাবে। পাছে আৰক্ষীৰ গুলিত নিহত হয় আক্ৰমণকাৰীয়ো।

    ৰাজধানীৰ পৰা প্ৰায় ৩৬ কিলোমিটাৰ দূৰত ছেটিঞ্জেত হোৱা আক্ৰমণত ৬ জন লোক আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কেউগৰাকীকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

    মণ্টেনিগ্ৰো আৰক্ষী প্ৰধান জোৰান ব্ৰাজনিয়ে জানিবদিয়া অনুসৰি আক্ৰমণকাৰীজনৰ বয়স ৩৪ বছৰ। আক্ৰমণকাৰীয়ে প্ৰথমে দুটা শিশু আৰু এগৰাকী মহিলাক গুলীয়াইছিল।

    আৰক্ষীয়ে কোৱা অনুসৰি, আক্ৰমণৰ এই ঘটনা পাৰিবাৰিক বিবাদৰ ফলত হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং