বিজেপি, আপ নে কংগ্ৰেছ…গুজৰাট আৰু হিমাচলত কোনে মাৰিব শেষ হাঁহি, কি কয় Exit Poll-এ

0
5041

বিজেপি, আপ নে কংগ্ৰেছ…গুজৰাট আৰু হিমাচলত কোনে মাৰিব শেষ হাঁহি, কি কয় Exit Poll-এ

দেশৰ দুখন ৰাজ্য গুজৰাট আৰু হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। আজি গুজৰাটত দ্বিতীয়টো তথা শেষৰটো পৰ্যায়ৰ ভোটগ্ৰহন হয়। ভোটগ্ৰহন শেষ হোৱাৰ পাছতে বাহিৰ হৈছে ভৱিষ্যত সম্ভাৱনাৰ তালিকা তথা একজিট পল।

কোন দলে কোন ৰাজ্যত মাৰিব শেষ হাঁহি তাকেই লৈ এতিয়া দেশ জুৰি সৰ্বত্ৰে চৰ্চিত। দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাহিৰে একে সময়তে, দেশৰ বহু ঠাইৰ কিছুমান আসনত উপ-নিৰ্বাচনো অনুষ্ঠিত হৈছিল।

তাৰেই ভিতৰত আটাইতকৈ চৰ্চিত আসনখন হৈছে মৈনপুৰী। সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক সদ্য প্ৰয়াত মুলায়ম সিং যাদৱ আছিল সেই মৈনপুৰিৰ বিধায়ক। তেখেতৰ মৃত্যুৰ পিছত, এই আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে।

ইয়াৰ উপৰিও সমগ্ৰ দেশৰ চকু দেশৰ ৰাজধানী দিল্লীৰ ওপৰতো আছে। য’ত পৌৰ নিগমৰ নিৰ্বাচনো অনুষ্ঠিত হৈছে। দিল্লীৰ পৌৰ নিগম হৈছে সমগ্ৰ দেশৰ সৰ্ববৃহৎ পৌৰ নিগম।

আনহাতে প্ৰকাশ পোৱা একজিট পলৰ ভিতৰত বিশেষ ভাৱে চৰ্চাত আছে গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন। বহু কেইটা সংবাদ মাধ্যমে কৰা সমীক্ষাত প্ৰকাশ পাইছে এই একজিট পল।

হিমাচল প্ৰদেশ –

প্ৰকাশ পোৱা অনুসৰি, পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত কংগ্ৰেছে ৪৪ শতাংশ ভোট লাভ কৰিব বুলি আশা কৰা হৈছে, আনহাতে বিজেপিয়ে ৪২ শতাংশ ভোট লাভ কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ উপৰিও, আপ সন্দৰ্ভত প্ৰকাশ পোৱা মতে মাত্ৰ ২ শতাংশ ভোট আম আদমী পাৰ্টিলৈ যাব পাৰে। আন দলবোৰৰ ভোটৰ অংশ আপতকৈ বেছি। আন দলবোৰে ১২ শতাংশ ভোট লাভ কৰিব বুলি আশা কৰা হৈছে।

গুজৰাট –

গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান সোমবাৰে সন্ধিয়া সমাপ্ত হয়। বৰ্তমানলৈকে একজিট প’ল অনুসৰি, গুজৰাটত একেৰাহে সপ্তমবাৰৰ বাবে বিজেপিয়ে ক্ষমতালৈ আহিব বুলি দেখা গৈছে।

সম্ভাৱনা অনুসৰি, গুজৰাটৰ বিধানসভাৰ মুঠ ১৮২ খন আসনৰ বিজেপিয়ে ১১৭ ৰ পৰা ১৪০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে কংগ্ৰেছ আৰু এনচিপি মিত্ৰজোঁটে ৪০-৫০ খন আসন লাভ কৰাৰ সম্ভাৱনা আৰু আম আদমী পাৰ্টীয়ে মাত্ৰ ৩ৰ পৰা ৫ খন আসন পোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে।

গুজৰাট বিধানসভাৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত প্ৰধান যুঁজ দেখা গৈছে। তাৰ ভিতৰত শক্তিশালী ৰূপত আছে ভাৰতীয় জনতা পাৰ্টি যিয়ে বিগত ২৭ বছৰ ধৰি গুজৰাটত শাসনত আছে।