সম্পন্ন হ’ল গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন

0
102

সম্পন্ন হ’ল গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন

গুজৰাটত আজি সম্পন্ন হয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন | ১৯ খন জিলাৰ ৮৯ টা সমষ্টিত পুৱা ৮ বজাৰ পৰা গুজৰাটত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় |

ৰাজ্যখনৰ ৮৯ টা সমষ্টিত প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল EVM ত | বহু জল্পনা কল্পনাৰ অন্তত আজি অনুস্থিত হ’ল গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ |

ৰাজ্যখনৰ ২৫,৪৩৪ টা পুলিং কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে ভোটাৰ ৰাইজে |

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৭৮৮ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা কৰিছে |

ভোট কেন্দ্ৰ সমূহত পুৱাৰে পৰাই ৰাইজৰ দীঘলিয়া শাৰি দেখিবলৈ পোৱা গৈছে |

সন্ধিয়া ৫ বজা পৰ্যন্ত ভোট গ্ৰহণ চলি আছিল | ৫৬.৮৮ শতাংশ ভোটদান সম্পন্ন হৈছে |

অহা ৫ ডিছেম্বৰত ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুস্থিত হ’ব|

কংগ্ৰেছ আৰু বিজেপিয়ে আটাইকেইটা সমষ্টিয়ে প্ৰতিদন্দ্বিতা কৰিছে |এই প্ৰাৰ্থি সকলৰ ভাগ্য নিৰ্ণণ কৰিব ২৩৯, ৭৬, ৬৭০ গৰাকী ভোটাৰে