28 C
Guwahati
Saturday, September 24, 2022
More

    বিবাহৰ দিনাই অঘটন ! দৰাই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি হত্যা কৰিলে কইনাক

    বিবাহৰ দিনাই অঘটন ! দৰাই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি হত্যা কৰিলে কইনাক

    বিয়াৰ দিনাই দৰাই হত্যা কৰিলে কইনাক। ঘটনাটো সংঘটিত হৈছে ৰাছিয়াৰ এখন গাঁৱত। জানিব পৰা মতে ৰাছিয়াৰ এখন গাঁৱত ২৫ বছৰীয়া ষ্টিফেন ডলগিখয়ে ৩৬ বছৰীয়া ওকছানা পলুয়েন্টসেবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল।

    কিন্তু বিবাহৰ দিনাই ষ্টিফেন ডলগিখে তেওঁৰ হ’ব লগীয়া কইনা ওকছানাক আক্ৰমণ কৰে। ষ্টিফেনে ওকছানাক চুলিত ধৰি মাটিত বগৰাই দিয়ে আৰু মুৰত আক্ৰমণ কৰে।

    যাৰ ফলত ওকছানাৰ মৃত্যু হয়। বিবাহস্থলীত থকা সকলো লোকে সেই ঘটনা দেখি আচৰিত হয়। তাত উপস্থিত থকা লোক সকলে আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে ষ্টিফেনক আটক কৰে।

    ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোচা কৰাত ষ্টিফেনে কয় যে বিবাহলৈ অহা এজন ব্যক্তিৰ লগত সন্দেহ কৰিয়ে তেওঁ ওকছানাক হত্যা কৰে।

    তথ্য অনুসৰি ষ্টিফেনে পূৰ্বতেও হত্যাৰ গোচৰত জেললৈ গৈছিল। ষ্টিফেনে ওকছানাক হত্যা কৰি বিবাহস্থলীৰ কাষতে থকা এটা গাঁতত পেলাই দিছিল। ওকছানাৰ হত্যাৰ গোচৰত ষ্টিফেনক ১৮ বছৰৰ কাৰাদণ্ড দিয়া হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং