বিবাহৰ দিনটোতে বন্ধুৱে দৰা-কইনাৰ লগত কৰিলে এই কাম, যি সময়ৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

0
33775

বিবাহৰ দিনটোতে বন্ধুৱে দৰা-কইনাৰ লগত কৰিলে এই কাম, যি সময়ৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

বিবাহ বুলিলে এহাল দৰা-কইনাৰ বাবে কিমান গুৰুত্বপুৰ্ণ দিন সেয়া সকলোৱে জানে। জীৱনৰ দ্বিতীয় ইনিংগছ আৰম্ভ কৰাৰ ই হৈছে এক প্ৰথম খোজ। যাক লৈ বহুতৰে বহু সপোনো থাকে।

পাছে এই দিনটোতে কিছুমান বন্ধু অথবা কিছুমান পৰিয়ালৰ লোকে কৰে এনে কাম যি কাম হৈ পৰে সেই দৰা -কাইনাৰ বাবে অভিশাপ স্বৰূপ। তেনেই এক ভিডিঅ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

বন্ধুৱে দৰা-কইনাৰ লগত কৰে এনে এক কাম যাৰ বাবে দৰা আৰু কইনাৰ দুয়োৰে বিবাহৰ এই দিনটোতে সকলো সাজ সম্পূৰ্ণ বেয়া কৰি দিয়ে। যি ভিডিঅ’ দেখি বহু লোকেই ক্ৰোধ প্ৰকাশ কৰাৰ লগতে কিছু লোকে আমোদ পাইছে এই ঘটনাত।

View this post on Instagram

A post shared by wedding / shopping ❤️ (@brides_speciall)

যি ঘটনাৰ ভিডিঅ বৰ্তমানে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভিডিঅত দেখা অনুসৰি কোনোৱে দৰা আৰু কইনাৰ ওপৰত শ্ন’ স্প্ৰে কৰে। ইমানেই অধিক শ্ন স্প্ৰে কৰে যে, দৰা কইাৰ সম্পূৰ্ণ শৰীৰেই একপ্ৰকাৰ ভৰ্তি হৈ পৰে সেই শ্ন’ স্প্ৰেৰে।

যি কাৰ্যত বেচেৰি কইনাই কাপোৰৰ পৰা সেই বগা বগা ফেন গুচাবলৈ চেষ্টা কৰাৰ বিপৰীতে দৰাই একেটা পজতে একে ঠাইতে বহি আছে, যাৰ পৰাই প্ৰমাণ হয় এয়া কোনো বন্ধুৰ কাৰ্য। যি কাৰ্যত ক্ৰোধ উঠিলেও একো মাতিব পৰা নাই দৰাই।

এই ভিডিঅ তথা এই ঘটনা কোন ঠাইৰ সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও বৰ্তমানে সেই দৰা-কইনাৰ অৱস্থা দেখি এতিয়া বহু লোকেই ইচ-আচ কৰিছে।