বৰপেটা ৰোডত হৃদয়বিদাৰক ঘটনা ! বিবাহৰ অভ্যৰ্থনাৰ পূৰ্বেই অকাল মৃত্যুক সাৱটিলে দৰাই

0
1952

বৰপেটা ৰোডত হৃদয়বিদাৰক ঘটনা ! বিবাহৰ অভ্যৰ্থনাৰ পূৰ্বেই অকাল মৃত্যুক সাৱটিলে দৰাই

বৰপেটা ৰোডত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। বিয়াৰ পিছদিনাই মৃত্যু হ’ল দৰাৰ।

মৃত্যু হোৱা যুৱক জন বৰপেটা ৰোড চৰকমাঠৰ ৰাম মজুমদাৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে বৃহস্পতিবৰে চিৰাঙৰ বিজনীৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ সম্পন্ন হৈছিল ৰাম মজুমদাৰৰ।

শুকুৰবাৰে বিবাহ সম্পন্ন কৰি নিজ ঘৰলৈ উভতি অহাৰ পিছত নিশা সংঘটিত হয় এই শোকাৱহ ঘটনাটো।

নিশা শুই থকা অৱস্থাতে উশাহ-নিশাহ লোৱাত কষ্ট হয় দৰা ৰাম মজুমদাৰৰ ।

লগে লগে অসুস্থ ৰাম মজুমদাৰক বৰপেটা ৰোড এফ আৰ ইউ লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

জানিব পৰা মতে দেওবাৰে বিবাহৰ অভ্যৰ্থনাৰ দিন আছিলে। কিন্তু অভ্যৰ্থনাৰ পূৰ্বেই অকাল মৃত্যুক সাবতিলে দৰা ৰাম মজুমদাৰে।

ৰামৰ মৃত্যুৰ পাছত এতিয়া পৰিয়ালটো শোকত ভাগি পৰিছে।

নতুন জীৱনৰ পাতনি মেলাৰ সপোন দেখিছিল দুয়োৱে। কিন্তু সেই সপোন যেন সপোন হৈয়ে ৰ’ল। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।