26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিয়া পাতি উঠি দৰাৰ ঘৰ পোৱাই নাছিল; বাটতে কইনাক বগৰাই লৈ গুৰুলাগুৰুল কৈ পিটন ককায়েকৰ, দৰাই ভেবা লাগি চাই থাকোতেই গ’ল

    বিয়া পাতি উঠি দৰাৰ ঘৰ পোৱাই নাছিল; বাটতে কইনাক বগৰাই লৈ গুৰুলাগুৰুল কৈ পিটন ককায়েকৰ, দৰাই ভেবা লাগি চাই থাকোতেই গ’ল

    কইনাৰ বিলৈ, বিয়া হৈছিল হে মাত্ৰ। বিয়া হৈ দৰাৰ লগত নিজৰ নতুন ঘৰ খনলৈ খোজ লৈছিল কিন্তু যম ৰজা যেন বাটতে ৰৈ আছিল। দৰা-কইনাক দেখা মাত্ৰেই কইনাক বগৰাই লৈ উধাই মুধাই কোব ধৰিলে দৰাৰ ককায়েকে।

    কাষতে বপুৰা দৰাই পত্নীক বগৰাই লৈ গুৰুলাগুৰুল কৈ পিটন দিয়া ককায়েকক ভেবা লাগি চাই থাকোতেই গ’ল। এই ঘটনা মধ্যপ্ৰদেশৰ ৰেৱাৰ। যি ঘটনাৰ ভিডিঅ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

    পৰিয়ালৰ অমতত বিয়া হৈছিল দুয়ো দৰা-কনাই। মন্দিৰত বিয়া পাতি সুখে দুখে একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে গৈ আছিল নতুন ঘৰলৈ বুলি। কিন্তু মাজ বাটতে দৰাৰ ককায়েকে খঙৰ কোবতে কইনাক বগৰাই লৈ মাৰপিট কৰে। ভয়তে দৰাইয়ো একো কৰিব নোৱাৰে।

    কিন্তু পিছত ককায়েক তাৰ পৰা আতৰি যোৱাত দুয়ো দৰা কইনা গৈ উপস্থিত হয় আৰক্ষী থানাত। আৰক্ষীৰ ওচৰত ককায়েকৰ বিৰুদ্ধে গোচৰ তৰে নৱ বিবাহিত দম্পতিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি জনায় যে, ঘৰৰ অমতত হোৱা বাবেই এনেদৰে ক্ষোভ উজাৰিছিল ককায়েয়ে।

    আৰু পঢ়ক : গাৰ পৰা মাহ হালধি গোন্ধ আতৰাই নাছিল, চিপ লৈ আত্মহত্যা কইনাৰ, ছুইচাইট নোটত লিখি থৈ গ’ল সকলো

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং