শনিবাৰে মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ কিষামপটস্থিত ৰাজ্যখনৰ এখন আগশাৰীৰ বাতৰি কাকতৰ কাৰ্যালয়ৰ ভিতৰত সন্দেহযুক্ত উগ্ৰপন্থীয়ে হেণ্ড গ্ৰেণেড নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হৈছে।
বাতৰি কাকত পোকনাফামৰ কাৰ্যালয়ত এজন অচিনাক্তই দুৰ্বৃত্তই বিস্ফোৰণ কৰিবলৈ চেষ্টা কৰে যদিও বিস্ফোৰণ সংঘটিত নহ’ল।
আবেলি ৬.৩০ বজাত এই ঘটনাটো সংঘটিত হৈছে আৰু গ্ৰেণেডৰ সুৰক্ষা পিনটো অক্ষত অৱস্থাত থকা বুলি আৰক্ষীয়ে জনায়।
চিচি টিভি ফুটেজৰ পৰা গম পোৱা অনুসৰি এগৰাকী মহিলাই এই গ্ৰেণেডটো নিক্ষেপ কৰিছিল।
ৰাজ্যিক আৰক্ষীৰ বোমা বিশেষজ্ঞৰ দলে বাতৰি কাকতৰ কাৰ্যালয়টোৰ পৰা গ্ৰেণেডটো সুকলমে উদ্ধাৰ কৰিছে।
আৰক্ষীয়ে এই ঘটনাৰ লগত জৰিত অপৰাধীক আটক কৰিবলৈ তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে বুলি জনাইছে।
ইয়াৰ উপৰি এই ঘটনাটোৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও জনায়।
সংবাদগোষ্ঠীটোৰ কাৰ্যালয়ত এইদৰে আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোৰ আশে পাশে থকা সকলো সংবাদ মাধ্যমৰ কাৰ্যালয়তে নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
এই ঘটনাৰ পিছত পোকনাফামৰ সম্পাদক অৰিবাম ৰবিন্দ্ৰ শৰ্মাই কয় যে তেওঁ কাৰো পৰা কোনো ধৰণৰ ভাবুকি লাভ কৰা নাই।
ইফালে এই আক্ৰমণৰ ঘটনাক অল মণিপুৰ ৱৰ্কিং জাৰ্ণেলিষ্ট য়ুনিয়ন আৰু এডিটৰ্ছ গিল্ড মণিপুৰে গৰিহণা দিয়াৰ লগতে তাৎক্ষণিকভাৱে সংবাদ সম্প্ৰচাৰ আৰু প্ৰকাশন বন্ধ কৰাৰ সংকল্প লয়।
আৰু পঢ়ক : অসমীয়াৰ হাতত প্ৰাণ পাইছে আজি মুকলি হোৱা তিনিওখন ফুট ব্ৰীজ, অসমীয়াই পাইছে প্ৰাধান্য