সৰিয়হ খেতিৰে কৃষি বিপ্লৱৰ সূচনা মাজুলীৰ তপন পেগুৰ

কেৱল ২৫ বিঘা মাটিত সৰিয়হ খেতিতে সীমাবদ্ধ নাথাকি অন্যান্য খেতি কৰি কৃষকজন হৈ পৰিছে বহুতৰ বাবে আদৰ্শ

0
154

ৰাজ্যত প্ৰতিবাদী কণ্ঠৰ লগে লগে কৃষিকৰ্মৰ জৰিয়তে স্ব-নিৰ্ভৰশীল হোৱাৰ সপোন দেখিছে মাজুলীৰ এজন লোকে। জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত চৰকাৰৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদ চলি থকাৰ সময়তে তপন পেগু নামৰ এইগৰাকী খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। ৰাজপথত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ, ধৰ্ণা, অনশনৰ সমান্তৰালকৈ নিজেও কৰ্মক্ষেত্ৰত ব্যস্ত আছে এইজন কৃষক ৷ কৃষি কৰ্মৰে স্ব-নিৰ্ভৰশীলতাৰ আদৰ্শ দেখুৱাৰ চেষ্টা কৰি তেওঁ এতিয়া ব্যস্ত হৈছে অৰ্থনৈতিক বিপ্লৱত।

মাজুলীৰ প্ৰতি বছৰে বানে জুৰুলা কৰা বেছামৰাত এনেদৰে খেতিৰ জৰিয়তে আগবাঢ়িছে তপন পেগু। কেৱল ২৫ বিঘা মাটিত সৰিয়হ খেতিতে সীমাবদ্ধ নাথাকি অন্যান্য খেতি কৰিছে কৃষকজনে। উচ্চ শিক্ষিত হৈ চৰকাৰী চাকৰিৰ পিছত দৌৰি হাবাথুৰি খোৱা নিবনুৱা অসমীয়া যুৱক-যুৱতীক কৃষিকৰ্মত মনোনিৱেশ কৰাইছে এই গৰাকী পেগুৱে। কৃষিকৰ্ম এতিয়া অন্যৰ বাবেও প্ৰেৰণা হৈ পৰিছে। আনহাতে দক্ষিণপাট কুমাৰ গাঁৱৰ চাৰি যুৱকে ৮ বিঘা মাটিত ভেণ্ডি আৰু দুবিঘা মাটিত বড়ো ধানৰ খেতি কৰি গঢ়ি তুলিছে কৃষি বিপ্লৱ।

Photo credit:@kalpajitsaikia