চকুত গুৰুতৰ আঘাত; কেৰিয়াৰ নিশেঃষ হোৱাৰ পৰা বাচিল ভাৰতক বিশ্বজয়ী কৰোৱা এইগৰাকী ক্ৰিকেটাৰ

0
44385

ভাৰতীয় ক্ৰিকেট দলক অনূৰ্ধ্ব-১৯ বিশ্বকাপ জয়ী কৰোৱা প্ৰাক্তন অধিনায়ক উন্মক্ত চান্দে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোৱে অনুৰাগীৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি কৰিছে।

২৯ বছৰীয়া উন্মুক্তে বিগত বৰ্ষৰ আগষ্ট মাহত ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি দেশ এৰিছিল। এতিয়া তেওঁ আমেৰিকাৰ হৈ ক্ৰিকেট খেলে।

শেহতীয়াকৈ তেওঁ টুইটাৰযোগে দুখন ফটো শ্বেয়াৰ কৰিছে য’ত দেখা যায় যে তেওঁ চকুত বেয়াকৈ আঘাত লাভ কৰিছে। ভাল খবৰ এইটোৱে যে তেওঁৰ চকুটো নষ্ট হৈ যোৱা নাই।

উন্মুক্ত চান্দে কেনেকৈ এই আঘাত লাভ কৰিলে সেয়া এতিয়াও জানিব পৰা নাই। ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘এজন এথলীটৰ বাবে পথ মসৃণ নহয়। কেইবাবাৰো আপুনি জয়ী হৈ উভতে আৰু বহুবাৰ নিৰাশা লাভ কৰে। কিন্তু আপুনি আঘাত লৈও ঘৰলৈ উভতি আহিবলগীয়া হয়। সম্ভাৱ্য দুৰ্যোগৰ পৰা ৰক্ষা পোৱাৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞ’।

ক্ৰিকেটাৰ গৰাকীয়ে লগতে খেলৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ দিশতো গুৰুত্ব প্ৰদান কৰিব লাগে বুলি নৱ প্ৰজন্মক আহ্বান জনায়।

উল্লেখ্য যে উন্মুক্তৰ অধিনায়কত্বতে ভাৰতে ২০১২ চনত অনূৰ্ধ্ব-১৯ বিশ্বকাপ জয়ী হৈছিল।

উন্মুক্তৰ কেৰিয়াৰৰ আৰম্ভণি খুব দৰ্শনীয় আছিল যদিও পিছত ধাৰাবাহিক ব্যৰ্থতাৰ বাবে তেওঁ কেৰিয়াৰ ভালদৰে আগবঢ়াই লৈ যাবলৈ সক্ষম নহ’ল। যাৰ পিছত তেওঁ ২০২১ বৰ্ষৰ আগষ্ট মাহত ভাৰতৰ সকলো ক্ৰিকেটৰ পৰা অৱসৰ লৈ আমেৰিকালৈ স্থানান্তিৰত হৈছিল।

উন্মুক্তে ৬৭ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে, য’ত তেওঁ ৩১.৫৭ গড়ে ৩৩৭৯ ৰান সংগ্ৰহ কৰিছে।

তেওঁ লিষ্ট এ ক্ৰিকেটত খেলা ১২০ খন মেচত ৪১.৩৩ গড়ে ৪৫০৫ ৰান সংগ্ৰহ কৰিছে।