টানিষ্কৰ উদ্যোগত গুৱাহাটীত গ্ৰেণ্ড গ্ৰাহক সন্মিলন ; অসমীয়া গহনা সংগ্ৰহৰ অনবদ্য আয়োজন

0
180

টানিষ্কৰ উদ্যোগত গুৱাহাটীত গ্ৰেণ্ড গ্ৰাহক সন্মিলন ; অসমীয়া গহনা সংগ্ৰহৰ অনবদ্য আয়োজন

ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু প্ৰিয় গহনা ব্ৰেণ্ড টানিষ্কে তেওঁলোকৰ নিজা অসমীয়া গহণা প্ৰদৰ্শনৰ বাবে গুৱাহাটীত এক বিশেষ আড়ম্বৰপূৰ্ণ গ্ৰাহক সন্মিলন অনুষ্ঠিত কৰে।

অসমীয়া গহনা সংগ্ৰহ প্ৰদৰ্শনৰ এই বিশেষ সন্মিলনখন ইষ্ট ১ ৰ ৰিজিঅ’নেল বিজনেছ মেনেজাৰ আলোক ৰঞ্জন আৰু গুৱাহাটীৰ বিজনেছ এছ’চিয়েট বিৰেশ জৈনে উন্মোচন কৰে। এই আকৰ্ষণীয় প্ৰদৰ্শনী অনুষ্ঠানত অসমীয়া গহনাৰ বিভিন্ন ডিজাইন প্ৰদৰ্শন কৰা হয়।

সন্মিলনত লোকপাৰো, কেৰু , লং কেৰু, গলপতা, সাতসৰী , জোনবিৰি , বেনা , ঢোলবিৰি , ডুগডুগী, শিলিখা মণি ইত্যাদি জনপ্ৰিয় ডিজাইনৰ অসমীয়া গহনা প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানটোত গহনা প্ৰদৰ্শনীৰ লগতে মডেল সকলে সোণ আৰু হীৰাৰ কইনা কালেকচন প্ৰদৰ্শন কৰি ৰেম্পৱাকো কৰে ।

টানিষ্কৰ এই অনুষ্ঠানটোৰ লক্ষ্য আছিল গ্ৰাহকৰ সৈতে থকা সম্পৰ্কক আধিক টনকিয়াল কৰা। গ্ৰাহকে তেওঁলোকৰ পুৰণি সোণৰ গহনা টানিষ্কৰ সৈতে বিনিময় কৰি উপকাৰো হৈছে।

টানিষ্কে ভাৰতীয় মহিলা সকলক বুজিবলৈ চেষ্টা কৰাৰ লগতে পৰম্পৰাগত গহনা প্ৰদান কৰা দেশৰ একমাত্ৰ গহনা ব্ৰেণ্ড হিচাপে সুনাম অৰ্জন কৰিছে। টানিষ্কে সকলোৰে বাবে সদায় বিশুদ্ধতম গহনা আগবঢ়াই আহিছে।