
ন্যায়ালয়ত মুখ থেকেচা খালে নৱ ঠাকুৰীয়াই৷ ১৭ বছৰৰ পিছত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচন বৈধ নহয় বুলি গোচৰ তৰিছিল নৱ ঠাকুৰীয়াই৷ ত্ৰিদিৱ কুমাৰ ভট্টাচাৰ্য আদালতে খাৰিজ কৰিলে নৱ ঠাকুৰীয়াৰ লেখ আবেদন৷ গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।
কাইলৈ পুৱা ৮ বজাৰ পৰাই বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন। বিয়লি ৫ বজাৰ পৰা হ’ব ভোট গণনা। মুঠ ৮১৬ গৰাকী ভোটাৰে ভোটদান কৰিব। মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ২৭ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চৰ দুপৰীয়া ৩ বজালৈ মনোনয়ন পত্ৰ দাখিলৰ দিন ধাৰ্য কৰা হৈছিল।
নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পদ সমূহ ক্ৰমে- সভাপতি, উপ-সভাপতি, উপ-সভাপতি (মহিলাৰ বাবে সংৰক্ষিত ১টা), সাধাৰণ সম্পাদক, সহঃ সাধাৰণ সম্পাদক, সহঃ সাধাৰণ সম্পাদক (মহিলাৰ বাবে সংৰক্ষিত ১টা), সাংগঠনিক সম্পাদক, কোষাধক্ষ্য, সাংস্কৃতিক সম্পাদক আৰু ক্ৰীড়া সম্পাদক।
উল্লেখ্য যে, ত্ৰিদিৱ কুমাৰ ভট্টাচাৰ্য আদালততে উন্মোচিত হ’ল নৱ ঠাকুৰীয়াৰ কুকীৰ্তি৷ নিজৰ পৰিচয় পত্ৰত অথৰিটী হৈ নিজে স্বাক্ষৰ কৰিছিল ঠাকুৰীয়াই৷
Photo: Time8