
অসমৰ হৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি বিয়লি অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিলে আই পি এছ জি পি সিঙে।
দায়িত্ব গ্ৰহণ কৰিয়েই সিঙে সংবাদমেল সম্বোধন কৰি তেওঁৰ কাৰ্যকালৰ সময়ত অসমৰ প্ৰতিজন লোকক সন্মান দিয়াৰ প্ৰয়াস কৰি যাব বুলি মন্তব্য কৰে।
মহিলা আৰক্ষীসকলে দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ অহা বুলি উল্লেখ কৰি তেওঁ দুই-এবছৰৰ ভিতৰতে এই সমস্যা সমাধানৰ প্ৰচেষ্টা চলাব বুলি কয়।
এই সন্দৰ্ভত তেওঁ কয়, ‘মোৰ ৩০ বছৰীয়া কাৰ্যকালত মহিলা আৰক্ষীয়ে মেডিকেল প্ৰব্লেমৰ সন্মুখীন হোৱা দেখি আহিছো। টয়লেটৰ সা-সুবিধাৰ অভাৱৰ বাবে মহিলা আৰক্ষীসকলে পানী কমকৈ সেৱন কৰে আৰু যাৰ ফলত কিডনী, বৃক্কৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা যায়। স্থায়ী বা অস্থায়ী স্থানত নিয়োজিত হৈ থকা মহিলা আৰক্ষী সকলৰ বাবে সুৰক্ষিত বাথৰুম আৰু টয়লেট স্থাপনৰ বাবে চৰকাৰৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব’।
আনহাতে জনতাই পোনপটীয়াকৈ যাতে আৰক্ষীৰ ওচৰ চাপিব পাৰে তাৰ বাবে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়, ডি আই জি কাৰ্যালয় আৰু আৰক্ষী মুখ্য কাৰ্যালয়ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় সিঙে।
তেওঁ কয়, ‘এই কাৰ্যালয়ত ১১-১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ অৰ্থাত প্ৰায় দুই ঘণ্টা সময় ৰাইজৰ ওজৰ আপত্তি, অভাৱ-অভিযোগ শুনিবলৈ জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকিব লাগিব’।
এই ক্ষেত্ৰত জনসাধাৰণে কোনো ধৰণৰ আগতীয়া এপইনমেণ্ট লোৱাৰ ব্যৱস্থাও নাথাকে বুলি উল্লেখ কৰে।
প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ আধৰুৱা হৈ থকা কাম জি পি সিঙে সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি অসম আৰক্ষীত তিনি বছৰত আৰম্ভ হোৱা প্ৰজেক্ট সমূহ আগুৱাই নিয়াৰ প্ৰয়াস কৰা হ’ব বুলি কয় সিঙে।
আনহাতে অসম আৰক্ষীৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম অধিক উন্নত কৰাৰ প্ৰয়াস কৰা হ’ব বুলিও নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয়।