
নিজৰ সুবিধা অনুযায়ী সকলোৱে ওলাইছে দোকান পোহাৰ খোলাৰ নিজা নিজা সময়৷ যাৰ বাবে অসুবিধাত পৰিছে জনসাধাৰণ৷ সেয়ে সকলোৰে সুবিধা হোৱাকৈ ৰাজ্যৰ যোগান বিভাগে এক জাননী যোগে সদৰি কৰিছে নিৰ্দিষ্ট সময়৷ সেই নিৰ্দিষ্ট সময়তহে খোলা ৰাখিব পাৰিব দোকান সমুহ৷

গেলামাল, ফাৰ্মাচী, পানী যোগানকাৰী, গাখীৰ যোগানকাৰী আদিয়ে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ খোলা ৰাখিব পাৰিব নিজৰ নিজৰ ব্যৱসায়৷ কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ এই জাননী আজি ২৬ মাৰ্চ ২০২০ত জাৰি কৰে৷
Photo Credit: the wall street journal