প্ৰবল গ্ৰীষ্মপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশনাবলী জাৰি, কি কৰিব কি নকৰিব!

0
1958
প্ৰবল গ্ৰীষ্মপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশনাবলী জাৰি, কি কৰিব কি নকৰিব!
ফটো সৌজন্য- ইণ্টাৰনেট

আগন্তুক গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জনসাধাৰণৰ উদ্দেশ্যি বিশেষ নিৰ্দেশনাবলী প্ৰকাশ কৰিছে।

চৰকাৰে আগন্তুক সময়ত পৰিবলগীয়া ভয়াবহ গ্ৰীষ্মপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকাশ কৰা নিৰ্দেশনাবলীত জনসাধাৰণে কি কৰিব লাগিব আৰু কি কৰিব নালাগে তাৰো নিৰ্দেশনা প্ৰকাশ কৰিছে।

চৰকাৰে প্ৰকাশ কৰা নিৰ্দেশনাবলীত জনসাধাৰণক গ্ৰীষ্মপ্ৰবাহৰ সময়ছোৱাত ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে পৰ্যাপ্ত পৰিমাণে পানী খাই থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।

ইয়াৰোপৰি জনসাধাৰণক পাতল কপাহী কাপোৰ পিন্ধি থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে বাহিৰলৈ ওলাই নাযাবলৈয়ো পৰামৰ্শ আগবঢ়োৱা হয়।

আনহাতে, গ্ৰীষ্মপ্ৰবাহৰ চৰম পৰ্যায়ত খাদ্য প্ৰস্তুত কৰাৰ পৰা জনসাধাৰণক আঁতৰি থাকিবলৈ কোৱা হোৱাৰ লগতে যিমান পাৰে লঘু আহাৰ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনাবলী আগবঢ়োৱা হয়।

উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে দিল্লী, ৰাজস্থান, গুজৰাট, উত্তৰপ্ৰদেশকে আদি কৰি বহুকেইখন ৰাজ্য আগন্তুক সময়ছোৱাত প্ৰবল গ্ৰীষ্মপ্ৰবাহৰ কবলত পৰিব বুলি সকীয়নি প্ৰদান কৰিছে।

আৰু পঢ়ক : ৬ বছৰ ধৰি নিজৰেই মূত্ৰ সেৱন, লাভ কৰিছে আচৰিত গুণ, লিখি উলিয়াইছে দুখনকৈ কিতাপো