ডাঙৰ খবৰ; ইছলামিক সংগঠন পি এফ আইক নিষিদ্ধ ঘোষণা কেন্দ্ৰৰ

0
361

মৌলবাদী ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ক সন্ত্ৰাসবাদীৰ পুঁজি আৰু অন্যান্য কাৰ্যকলাপত জড়িত থকাৰ বাবে ভাৰতত পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে।

গৃহ মন্ত্ৰালয়ৰ দ্বাৰা ইয়াৰ বাবে এখন জাননীও জাৰি কৰা হৈছে। সংগঠনটোক ইউএপিএ আইনৰ অধীনত নিষিদ্ধ কৰা হয়।

পিএফআইৰ উপৰি, তেওঁলোকৰ ভগ্নী সংগঠন ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন, কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া, অল ইণ্ডিয়া ইমাম কাউন্সিল, নেচনেল কনফেডাৰেচন অফ হিউমেন ৰাইটছ অৰ্গেনাইজেচন, নেচনেল উইমেনফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন (কেৰালা) কো নিষিদ্ধ কৰিছে।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)কে ধৰি নিৰাপত্তা সংস্থাসমূহে মঙলবাৰে পুনৰ পিএফআইৰ বিৰুদ্ধে অভিযান চলীইছিল।

উত্তৰ প্ৰদেশ, কৰ্ণাটক, গুজৰাট, দিল্লী, মহাৰাষ্ট্ৰ, অসম আৰু মধ্য প্ৰদেশত ২৩০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ বা আটক কৰা হৈছিল। কৰ্ণাটকত সৰ্বাধিক ৮০ জনজন আৰু উত্তৰ প্ৰদেশত ৫৭ জন লোকক কৰায়ত্ত কৰিছে।

অসমত মঙলবাৰৰ দিনটোত ২৫ গৰাকী লোকক আটক কৰিছিল।

উল্লেখ্য যে, পি এফ আইৰ গতি বিধি দেখি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই সংগঠনটোক নিষিদ্ধ কৰাৰ দাবী জনাইছিল।