
BTADত ৰাজ্যপালৰ শাসন। BTCৰ চাৰিওখন জিলাত বলবৎ ৰাজ্যপালৰ শাসন। BTADৰ সকলো ক্ষমতা ৰাজ্যপালৰ হাতলৈ। IAS বিষয়া ৰাজেশ প্ৰসাদে চম্ভালিব BTADৰ কাম-কাজ। ৰাজ্যপালৰ হৈ সকলো প্ৰশাসনীয় কাম-কাজ পৰিচালনা কৰিব।

নিৰ্বাচন অনুষ্ঠিত নোহোৱাপৰ্যন্ত বলবৎ থাকিব ৰাজ্যপালৰ শাসন। ইতিপূৰ্বে সময়সীমা অন্ত পৰিছে হাগ্ৰামা মহিলাৰী চৰকাৰৰ। মহামাৰী কৰ’ণাৰ বাবে পিছুৱাইছিল BTADৰ নিৰ্বাচন।
বিটিচিত ৰাজ্যপালৰ শাসনক আদৰণি জনাই সাংসদ নৱ শৰণীয়াই। বিটিচিত অন্ত পৰিল BPFৰ শাসন। বৃদ্ধি নহল হাগ্ৰামা মহিলাৰীৰ কাৰ্যকাল। লকডাউনৰ বাবে অনুষ্ঠিত নহয় বিটিচি নিৰ্বাচন। ৰাজ্যপালৰ শাসনৰ পিছতেই BTCত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যপালক অভিযোগ দিব নৱ শৰণীয়াই।