26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাখে হৰি, মাৰে কোনে.. ২২ দিনীয়া কন্যা সন্তানক কাঠৰ বাকচত ভৰাই নদীত উটুৱাই দিলে নিৰ্দয় মাতৃয়ে, সুকলমে উদ্ধাৰ

    ৰাখে হৰি, মাৰে কোনে.. ২২ দিনীয়া কন্যা সন্তানক কাঠৰ বাকচত ভৰাই নদীত উটুৱাই দিলে নিৰ্দয় মাতৃয়ে, সুকলমে উদ্ধাৰ

    হৰিয়ে ৰাখিব বিচাৰিলে, কোনেও সেয়া বাধা দিব নোৱাৰে, কোনেও একো হানি বিঘিনি কৰিব নোৱাৰে। তেনেই এক ঘটনা সংঘটিত হৈছে। ২২ দিনীয়া কন্যা সন্তানক কাঠৰ বাকচত ভৰাই নদীত উটুৱাই দিয়ে নিৰ্দয় হৃদয়ৰ মাতৃয়ে। পিছে এজন নাৱৰীয়াই সুকলমে উদ্ধাৰ কৰে কন্যা শিশুটি।

    এই ঘটনা উত্তৰ প্ৰদেশৰ। গংগা নদীত এটা কাঠৰ বাকচ উটি অহা দেখি সেই বাকচটো আনি খুলি চাই দৃশ্য দেখি চকু থৰ লাগে। বহু হিন্দু দেৱ দেৱীৰ ফটো থকা আৰু ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা এটি কন্যা শিশু, লগত এখন জন্ম পত্ৰিকা।

    শিশুটিক উদ্ধাৰ কৰি নাৱৰীয়া জনে নিজৰ ঘৰলৈ লৈ যায়। পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিব পাৰি শিশুটিক শান্তি আশ্ৰমলৈ নিয়ে।

    মঙলবাৰ ১৫ জুন তাৰিখে গুল্লু মল্লাহ নামৰ নাৱৰীয়া জনে গংগা নদীৰ পৰা উদ্ধাৰ কৰিছিল শিশুটিক। পিছত আজি বুধবাৰে ৰাজ্যখনৰ কেবিনেটৰ এক বৈঠকত আলোচিত বিষয় হৈ পৰে শিশুটি।

    যোগী আদিত্য নাথে সেই বৈঠকতে সিদ্ধান্ত লয় যে, কন্যা শিশুটিৰ সম্পূৰ্ণ খৰছ উত্তৰ প্ৰদেশ চৰকাৰে উঠাব আৰু লগতে শিশুটিক উদ্ধাৰ কৰা নাৱৰীয়া জনকো এখন নতুন নাও দিয়াৰ লগতে অন্যান্য উপহাৰ আৰু বহুতো সুবিধা প্ৰদান কৰা হব।

    আৰু পঢ়ক : সুখৰ হাঁহি…কেইবাদিনো ধৰি খাবলৈ নোপোৱাৰ অন্তত হাতত পোৱা টকা কেইটা লৈ স্বৰ্গীয় সুখ আইতাৰ, ছচিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল আইতাৰ হাঁহি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং