ধ্বংসৰ গৰাহত যুৱ-প্ৰজন্ম! অসম চৰকাৰে সুৰাৰ পৰা লাভ কৰিছে ২০৩১.০৫ কোটি টকাৰ ৰাজহ

0
95
ধ্বংসৰ গৰাহত যুৱ-প্ৰজন্ম! অসম চৰকাৰে সুৰাৰ পৰা লাভ কৰিছে ২০৩১.০৫
file photo

ধ্বংসৰ গৰাহত যুৱ-প্ৰজন্ম! অসম চৰকাৰে সুৰাৰ পৰা লাভ কৰিছে ২০৩১.০৫ কোটি টকাৰ ৰাজহ

শুকুৰবাৰে বিধানসভাৰ মজিয়াত দাখিল হয় ২০২০-২১ বৰ্ষৰ বাজেট। অসমৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী অজন্তা মেওগে দাখিল কৰে এই বাজেট। এইবাজেটত বিভিন্ন দিশৰ ওপৰত আলোচনা হৈছে।

বাজেটত উল্লেখ থকা অনুসৰি ২০২০-২১ বৰ্ষত সুৰাৰ পৰা অসমে লাভ কৰিছে বৃহত পৰিমাণৰ ৰাজহ। ক’ভিডে সমগ্ৰ দেশৰ লগতে অসমৰ অৰ্থনীতিকো কোঙা কৰি পেলাইছে কিন্তু ইয়াৰ মাজতে অৰ্থনীতিৰ ভেটি ধৰি ৰখাত সুৰাই যথেষ্ঠ গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে।

২০১৫-১৬ বৰ্ষত আবকাৰী ৰাজহ আছিল ৯৬৬.৩২ কোটি টকা। ইয়াৰ বিপৰীতে ২০২০-২১ আবকাৰী ৰাজহৰ পৰিমাণ  দুগুণ হৈ ইয়াৰ পৰিমাণ হয়গৈ ২০৩১.০৫ কোটি টকা ।

উল্লেখ্য যে, চৰকাৰে আবকাৰী বিভাগৰ পৰা যিমান ৰাজহৰ আশা কৰিছিল তাতকৈ বেছি সংগ্ৰহ হয় ২০২০-২১ বৰ্ষত। ২০২০-২১ বৰ্ষত চৰকাৰৰ আবকাৰী বিভাগৰ পৰা লাভ কৰিব লগীয়া ৰাজহৰ লক্ষ্য আছিল ১৭৫০ কোটি টকা।

এইখিনিতে মন কৰিবলগীয়া যে, এইবাৰ অসম চৰকাৰে সুৰাৰ হোম ডেলভাৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত বৰ্ষৰ লকডাউনৰ সময়চোৱাটো ৱাইন শ্বপ আদিৰ ক্ষেত্ৰত যথেষ্ঠ শিথিলতা আৰোপ কৰা হৈছিল।

সুৰাৰ হোম ডেলিভাৰী কৰি বিষয়টো বিৰোধী পক্ষ্যই যথেষ্ঠ বিৰোধিতা কৰিছে। একাংশ বিৰোধী দলে সুৰাৰ হোম ডেলিভাৰী কৰাতকৈ কৰ’ণা ভেকচিনৰ ডেলিভাৰী কৰাৰ কথা কৈছে।

ইয়াৰ উত্তৰত বিজেপিয়ে কৈছে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক লক্ষ্য ৰাখি সুৰাৰ হোম ডেলিভাৰী কৰা হৈছে। কিন্তু এটা কথা খাটাং যে সুৰাৰ হোম ডেলিভাৰীয়ে যুৱ প্ৰজন্মৰ মাজত যথেষ্ঠ নেতিবাচক প্ৰভাৱ পেলাব।

আৰু পঢ়ক : ”এইবাৰৰ বাজেটত নাই কোনো পৰিকল্পনা, আছে প্ৰতিশ্ৰুতি আৰু ভাষণৰ ফুলজাৰি”