
যিসময়ত প্লাষ্টিকৰ ব্যৱহাৰে ভয়াৱহ প্ৰদূষণৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে সেই সময়তে এক আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰিছে বাক্সাৰ এটা জনগোষ্ঠীয়ে। উত্সৱত তেওঁলোকে প্লাষ্টিকৰ সলনি ব্যৱহাৰ কৰে গছৰ পাতেৰে প্ৰস্তুত কৰা থাল-বাতি।

বাক্সাৰ উত্তৰকুছি অঞ্চলত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে দেখুৱাইছে আশাৰ বতৰা। সম্পূৰ্ণ প্ৰাকৃতিক আৰু পৰম্পৰাগত এক নতুন পদ্ধতি গ্ৰহণ। যি প্ৰক্ৰিয়াই দিছে বিকল্পৰ সন্ধান। গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন উৎসৱ-পৰ্বনত তেওঁলোকে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি আহিছে গছৰ পাতৰ দ্বাৰা নিৰ্মিত থাল আৰু বাতি।

যি সময়ত বাক্সা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে প্লাষ্টিকৰ সলনি কলপাত ব্যৱহাৰৰ বাবে আহ্বান জনাই আহিছে৷ সেইসময়তে বাক্সাৰ গোৰ্খা জনগোষ্ঠীৰ লোকসকলে বছৰ বছৰ ধৰি পৰম্পৰাগ ভাৱে প্লাষ্টিকৰ সলনি গছৰ পাত, কলপাত আদি ব্যৱহাৰ কৰি আহিছে৷ এফালে পৰম্পৰা ৰক্ষা আৰু আনফালে প্লাষ্টিকৰ প্ৰদূষণৰ বিৰুদ্ধে যুঁজ।
