এইবাৰ সাজু গুগল; ১০,০০০ কৰ্মচাৰীলৈ আহিব পাৰে বেয়া খবৰ

0
224

মন্দাৱস্থাৰ কাৰণ দোহাৰি বিশ্বৰ বৃহৎ বৃহৎ কোম্পানীসমূহে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে হাজাৰ-হাজাৰ কৰ্মচাৰীক। এতিয়া এই তালিকাত নাম সন্নিৱিষ্ট হ’বলৈ গৈ আছে গুগল।

গুগলৰ অভিভাৱক কোম্পানী আলফাবেটে ১০ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ সাজু হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বেয়া প্ৰদৰ্শন কৰা কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব।

গুগলৰ পূৰ্বে টুইটাৰ, আমাজন, ফেচবুক-মেটাৰ দৰে বিশাল প্ৰযুক্তি কোম্পানীসমূহে বৃহৎ সংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।

দ্য ইনফৰ্মেশ্যনৰ এক প্ৰতিবেদন অনুসৰি গুগলে পাৰফৰমেন্স ইম্প্ৰ’ভমেণ্ট এণ্ড ৰেংকিং প্লেন আঁচনি ৰূপায়ণ কৰি প্ৰায় ১০ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা কৰিছে। নতুন ব্যৱস্থাৰ অধীনত কোম্পানীটোৱে ৬ শতাংশ কৰ্মচাৰীক আঁতৰাব।

প্ৰতিবেদন অনুসৰি প্ৰায় ১ লাখ ৮৭ হাজাৰ কৰ্মচাৰীয়ে আলফাবেটত কাম কৰি আছে। এই প্ৰতিবেদন সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই আলফাবেটে।