অদ্ভুত কাণ্ড; গান নোগোৱাকৈয়ে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা ল’লে নাহিদ আফ্ৰিনে

0
5226

সোমবাৰে আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে প্ৰদান কৰা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ এইবাৰ সৃষ্টি হৈছে এক অদ্ভুত বিতৰ্কৰ। প্ৰতিভাৱান কণ্ঠশিল্পী নাহিদ আফ্ৰিন হৈছে এই বিতৰ্কৰ মূল চৰিত্ৰ।

গান নোগাৱাকৈয়ে নাহিদ আফ্ৰিনে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০২৮ আৰু ২০১৯ বৰ্ষৰ বাবে বিভিন্ন শিতানত বিভিন্ন লোকক বঁটা প্ৰদান কৰা হৈছিল।

‘নিজানৰ গান’ নামৰ চিনেমাখনৰ ‘নীলাতে লুকা ভাকু’ শীৰ্ষক গীতটোৰ বাবে নাহিদক প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা।

কিন্তু নাহিদে এই বঁটা গ্ৰহণ কৰাক লৈ আৰম্ভ হৈছে তীব্ৰ বিতৰ্কৰ। কিয়নো নাহিদৰ বিপৰীতে ৰূপজ্যোতি দেৱী নামৰ কণ্ঠশিল্পী এগৰাকীয়েহে কণ্ঠদান কৰিছিল গীতটিত।

তথ্য অনুসৰি, যতীন শৰ্মাৰ সংগীত আৰু ৰাজদ্বীপৰ কথাৰে ‘নীলাতে লুকা ভাকু’ শীৰ্ষক গীতটিত কণ্ঠদান কৰিছিল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ আৰু ৰূপজ্যোতি দেৱীয়ে।

এই কথা স্পষ্ট হৈ পৰাত বিভিন্ন লোকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নাহিদ আফ্ৰিনক চোকা ভাষাৰে সমালোচনা কৰিছে। সকলো জানি বুজিও কণ্ঠদান নকৰা এটা গীতৰ বাবে বঁটা গ্ৰহণ কৰিব যোৱাটোও লজ্জাজনক বুলি অভিহিত কৰিছে বহুতে।

এই নাভূত-নাশ্ৰুত কাণ্ডৰ বাবে এতিয়া অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগো সমালোচনাৰ আওতালৈ আহিছে।