ঋষভ পণ্টৰ অনুৰাগীৰ বাবে ডাঙৰ খবৰ, স্বাস্থ্য সন্দৰ্ভত এই আপডেট…

0
4280
কেৰিয়াৰৰ বেয়া দিনত একমাত্ৰ এই দুজন খেলুৱৈৰ সৈতেহে কতা পাতিছিল পণ্টে, নিজেই ক’লে এই কথা
ফটো সৌজন্য- ইণ্টাৰনেট

২০২২ চনৰ ৩০ ডিচেম্বৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ভাৰতীয় দলৰ তাৰকা উইকেটৰক্ষক বেটছমেন ঋষভ পণ্ট। বৰ্তমান তেওঁ কোকিলাবেন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

দুৰ্ঘটনা সংঘটিত হৈ যোৱাৰ এমাহৰ পিছত ঋষভ পন্তৰ স্বাস্থ্য সন্দৰ্ভত ডাঙৰ আপডেট পোহৰলৈ আহিছে। এই আপডেটটো ঋষভ পন্তৰ অনুৰাগীসকলৰ বাবে যথেষ্ট ভাল খবৰ।

ইনছাইডস্প’ৰ্টছৰ প্ৰতিবেদন অনুসৰি এমাহ ধৰি চিকিৎসালয়ত থকাৰ পিছত ঘৰলৈ যাবলৈ সাজু হৈছে ঋষভ পন্ত। এই সপ্তাহতে তেওঁ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিব পাৰিব।

বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ইনছাইডস্প’ৰ্টক ঋষভ পন্তৰ সুস্থতাৰ বিষয়ে কয়, ‘তেওঁ দ্ৰুত গতিত আৰোগ্য হৈ আছে। চিকিৎসা দলৰ পৰা এই ভাল খবৰ আহিছে। প্ৰথমটো অস্ত্ৰোপচাৰ সফল হৈছিল আৰু সেইটোৱেই সকলোৱে শুনিব বিচাৰি আছিল। এই সপ্তাহত তেওঁ ঘৰলৈ যাব পাৰিব’।

উল্লেখ্য যে, সম্পূৰ্ণকৈ ফিট হ’বলৈ ঋষভ পন্তক কিছু সময়ৰ প্ৰয়োজন হ’ব। দুৰ্ঘটনাটোত পণ্টৰ সোঁ আঁঠুৰ তিনিওটা লিগামেণ্ট ভাঙি গৈছিল, গতিকে আঁঠুৰ আন এটা অস্ত্ৰোপচাৰ এতিয়াও বাকী আছে।

বিচিচিআইৰ বিষয়াগৰাকীয়ে কয় যে, ‘প্ৰায় এমাহৰ পাছত তেওঁৰ আৰু এটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব। দ্বিতীয়টো অস্ত্ৰোপচাৰ কেতিয়া হ’ব সেইটো চিকিৎসকে সিদ্ধান্ত ল’ব।

বি চি চি আইৰ চিকিৎসা দলটো ডাঃ পাৰদিৱালা আৰু চিকিৎসালয়খনৰ সৈতে অহৰহ যোগাযোগত আছে। আমি আশা কৰিছো যে তেওঁ অতি সোনকালে খেলপথাৰলৈ ঘূৰি আহিব’।

২৫ বছৰীয়া ঋষভ পন্তে বাংলাদেশ শৃংখলা সামৰি স্বদেশলৈ উভতি অহাৰ পিছত ৩০ ডিচেম্বৰৰ পুৱা মাতৃক লগ কৰিবলৈ দিল্লীৰ পৰা ৰুৰকীলৈ গৈ আছিল। এই সময়তে তেওঁৰ গাড়ীখন ডিভাইডাৰত খুন্দা মাৰে।