
সুখবৰ হ্ৰাস পালে ৰোপৱে’ৰ ভাড়া , কিন্তু কাৰ বাবে এই সুবিধা
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ যাত্ৰী সকলৰ বাবে সুখবৰ। আজিৰে পৰা ৫০% হ্ৰাস পালে ৰোপাৱে’ৰ ভাড়া।
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বিগত তিনিদিন ধৰি বন্ধ আছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা।
যাৰ বাবে প্ৰায় সংখ্যাক লোকে ৰোপাৱে’ৰেতেই অহা যোৱা কৰিব লগা হৈছে।
কিন্তু ৰোপৱে’ৰত অধিক ভাড়া দিব লগাৰ বাবে বহুতো লোকে অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে।
সেয়েহে ফেৰী বন্ধৰ সময়ত ৰোপাৱে’ত টিকটৰ হাৰ সুলভ মূল্যত প্ৰদান কৰা হৈছে।
কিন্তু শিক্ষাৰ্থী আৰু নিয়মীয়া যাত্ৰীৰ বাবেহে এই বিশেষ ৰেহাই দিয়া হৈছে।
পুৱা ৮.৩০ বজাৰ পৰা ১০.৩০ বজালৈ আৰু আবেলি ৪.৩০ বজাৰ পৰা ৬.৩০ বজালৈ এই সুবিধা দিয়া হ’ব।
নিয়মীয়া যাত্ৰী সকলে এবাৰত ২৫ টকা অৰ্থাৎ অহা-যোৱাত ৫০ আদায় দিব লাগিব।
এই সুবিধা লাভ কৰিবৰ বাবে যাত্ৰী সকলে নিজৰ পৰিচয় পত্ৰসমূহ দেখুৱাব লাগিব।
কিন্তু পৰ্যটক সকলৰ লগতে আন সময়ত পূৰ্বৰ ভাড়াই বাহাল থাকিব। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ দিছে ।