26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৃষক তথা ৰাজনৈতিক নেতা অখিল গগৈয়ে এইবাৰ সঁচাকৈয়ে ওলাব পাৰিব নে কাৰাগাৰৰ পৰা ?

    কৃষক তথা ৰাজনৈতিক নেতা অখিল গগৈয়ে এইবাৰ সঁচাকৈয়ে ওলাব পাৰিব নে কাৰাগাৰৰ পৰা ?

    ২০১৯ ৰ ১২ ডিচেম্বৰৰ পৰা বিগত ১৮ টা মাহে কাৰাৰুদ্ধ এটি জীৱন। বহুতো দোষত দোষী সাব্যস্ত হৈ থাকি অৱশেষত ২০২১ৰ ১ জুলাই তাৰিখে আহিল এক সুখবৰ। সকলো ধৰণৰ অভিযোগৰ পৰা দোষমুক্ত হল অখিল গগৈ। শিৱসাগৰৰ বিধায়কগৰাকীয়ে অৱশেষত পালে সুখবৰটো।

    পত্নীয়েও ছচিয়েল মিডিয়া যোগে ব্যক্ত কৰে সুখৰ কথা, পত্নী গীতাশ্ৰী তামুলীয়ে মন্তব্য কৰে যে,’ন্যায়পালিকাৰ স্বতন্ত্ৰতা সাব্যস্ত হ’ল। গণতন্ত্ৰৰ বাবে শুভ বাৰ্তা। অভিনন্দন গণতন্ত্ৰ’ । সকলোৱে এই মন্তব্যত অভিনন্দন জনাই অখিল পত্নীক।

    ১৮ মাহৰ এক দীঘলীয়া কাৰাবন্দীত্বৰ জীৱন । বিভিন্নটা গোচৰৰ ভিত্তিত কা- আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈছিল গগৈ। এটা এটা কৈ সকলো বোৰ গোচৰৰ পৰা দোষমুক্ত গৈছিল গগৈ। প্ৰথমে প্ৰায় ১২ টা গোচৰত জামিন লাভ কৰিছে গগৈয়ে। তাৰ পিছতে NIA আদালতে অখিল গগৈৰ বিৰুদ্ধে দুটাকৈ নতুন গোচৰ ৰুজু কৰিছিল। এই দুটাৰ ভিতৰত চাবুৱা থানাৰ গোচৰতো ইতিমধ্যে দোষমুক্ত হৈছিল গগৈ।

    আজি আন সকলো গোচৰৰ পৰাও দোষমুক্ত হয় অখিল গগৈয়ে। ১ জুলাইৰ পুৱা ১০ বজাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক চান্দমাৰীস্থিত NIA আদালতত হাজিৰ কৰোৱা হৈছিল।

    ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এক অমীমাংসিত ইউএপিএ আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ গোচৰত এক পৰিপূৰক অভিযোগপত্ৰৰ প্ৰস্তাৱ দিছিল৷ লগতে মাওবাদীৰ লগত সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি এই গগৈৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ ৰুজু কৰিছিল NIA য়ে। সেই গোচৰৰে চূড়ান্ত শুনানি আছিল আজি।

    দোষমুক্ত ঘোষণা হোৱাৰ পিছতে আজি বা হয়তো অতি শীঘ্ৰেই কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা অখিল গগৈ। অখিল গগৈৰ তিনি সহযোগী ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতুল সোণোৱালকো দোষ মুক্ত ঘোষণা। নিয়া আদালতে দোষমুক্ত ঘোষণা কৰে নেতাকেইগৰাকীক।

    ৰাইজৰ দলৰ সভাপতিগৰাকীৰ কাৰাগৰেই হৈ পৰিছিল জীৱন। এগৰাকী কৃষক নেতা হিচাপে কাৰাগাৰলৈ যোৱাৰ পিছত কাৰাগাৰৰ চাৰিবেৰৰ মাজতেই জন্ম দিছিল ৰাজনৈতিক দল ৰাইজৰ দলৰ। সেই দলৰেই সভাপতি হৈ শিৱসাগৰৰ পৰা ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতাও আগবঢ়াই বিপুল ভোটট জয়লাভো কৰে।

    এইবাৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপিলৈ গমন কৰি পদত্যাগৰ পিছতেই অনুষ্ঠিত হব লগা উপ-নিৰ্বাচনত অখিল গগৈয়ে মৰিয়নী সমষ্টিত নিৰ্বাচন খেলাৰ প্ৰৱল সম্ভাৱনাই দেখা দিছে । নিজেও ইয়াৰ বাবে এক ইংগিত দিছিল ৰাইজক।

    এই ১৮ মহীয়া বন্দীত্বৰ জীৱনত মাজতে ২৫ জুন তাৰিখে ৪৮ ঘণ্টা তথা দুটা দিনৰ বাবে আদালতৰ অনুমতি সাপেক্ষে পৰিয়ালৰ সৈতেও কিছু সুখৰ সময় অতিবাহিত কৰি আহে নেতাগৰাকীয়ে। প্ৰথমে গুৱাহাটীৰ চান্দমাৰীস্থিত বাসগৃহত পুত্ৰ নাচিকেতা আৰু পত্নীৰ সৈতে প্ৰথম নিশা থকাৰ পিছত দ্বিতীয় নিশা মাতৃ প্ৰিয়দা গগৈৰ সৈতে যোৰহাটৰ মৰিয়নীত কটাই আহে।

    এতিয়া শিৱসাগৰ বাসী ৰাইজে তথা অসমৰ ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাইছে নেতাগৰাকীৰ মুকলি আকাশৰ তললৈ অহাৰ দিনটোলৈ।

    https://www.facebook.com/plugins/post.php?href=https%3A%2F%2Fwww.facebook.com%2Fgeetashree.tamuly%2Fposts%2F1157795171365619&show_text=true&width=500

    আৰু পঢ়ক : সকলো গোচৰৰ পৰা দোষমুক্ত অখিল গগৈ, তিনি সহযোগীও দোষমুক্ত ঘোষণা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং