সোণালী সাজেৰে সোণালী জোৰাৰ যুগ্মজীৱনৰ আৰম্ভণি

0
380

সুদৰ্শন অভিনেতা ৰানা ডাগ্গুবটি আৰু মিহিকা বাজাজৰ সোণালী জোৰাই সোণালী সাজেৰে যুগ্মজীৱনৰ আৰম্ভণি কৰিলে। মাত্ৰ ৩০ গৰাকী অতিথীৰে এই বিয়াৰ আয়োজন কৰে অভিনেতা ৰানা ডাগ্গুবটিয়ে।

শনিবাৰ ৮ আগষ্ট তাৰিখে বিয়াৰ বান্ধোনত বান্ধ খাই দুয়ো প্ৰেমিকযুগলে। হায়দৰাবাদৰ ৰামানায়ডু ষ্টুডিঅ’ত আয়োজন কৰে বিয়াৰ অভৰ্থনা অনুষ্ঠান।

বিয়াৰ মূখ্য সমাৰোহৰ দিনা সোণালী সাজত দেখা গৈছে দুয়ো নৱবিবাহিত দৰা-কইনাক। দৰা ৰানাই পিন্ধিছে্ সোণালী আৰু বগা ৰঙৰ ধুতি -কুৰ্তা লগত লৈছে এখন দোপাত্বা।

আনহাতে কইনা মিহিকাই পিন্ধিছে জনপ্ৰিয় ডিজাইনাৰ অনামিকা খান্নাৰ ডিজাইন কৰা এযোৰ সোণালী ৰঙৰ লগতে মাখন ৰঙৰ সমাহাৰ থকা লেহেংগা। ওৰণি হিচাপে লৈছে পাতল সুমথিৰা ৰঙৰ এখন দোপাত্তা।

মিহিকাই পিন্ধা সাজযোৰ তৈয়াৰ কৰোতে সময় লৈছে ১০ হাজাৰ ঘণ্টাৰো অধিক সময়। সাজ যোৰত থকা সকলো কাম হাতেৰে কৰা। আনহাতে হীৰা খচিত গহনাৰে সাইলাখ পৰী ৰূপত ধৰে দিছে মিহিকাই।

উল্লেখ্য যে মিহিকা পেচাত এগৰাকী চিকিৎসক। লগতে তাইৰ এটা ইউটিউব চেনেলো আছে। য’ত তাই নৃত্য শিকাই। ইউ টিউব আৰু ইনষ্টাগ্ৰামত বহু অনুৰাগীয়ো আছে মিহিকাৰ।

Photo Credit: Instagram