ধাৰাবাহিকভাবে বৃদ্ধি হৈ আছে সোণৰ মূল্য। বৃহস্পতিবাৰে দিল্লীৰ ছৰ্ৰাফা বজাৰত সোণৰ মূল্য ১৫০ টকাকৈ বৃদ্ধি হোৱাৰ লগে লগে ৩৮,৯৭০ টকা হ’ল নতুন মূল্য। এই মূল্য বৃদ্ধি হোৱাৰ মুখ্য কাৰণ হ’ল টকাৰ মূল্য হ্ৰাস হোৱা। মঙলবাৰৰ পৰা প্ৰতিদিনে বৃদ্ধি হৈ গৈ আছে সোণৰ মূল্য।
আনহাতে খুচুৰা নিৰ্মাণকাৰীসকলৰ দাবী বাঢ়ি যোৱাৰ লগে লগে ৰূপৰো মূল্য ৬০ টকা বৃদ্ধি হোৱাৰ লগে লগে প্ৰতি কিলোগ্ৰামত হ’ব ৪৫,১০০ টকা।
সোণৰ নতুন মূল্য
ৰাজধানীত ৯৯.৯ শতাংশ শুদ্ধতাৰ সোণৰ মূল্য ১৫০ টকাকৈ বৃদ্ধি হয় ৩৮,৯৭০ টকা আৰু ৯৯.৫ শতাংশ শুদ্ধতাৰ সোণৰ মূল্য ১৭০ টকাকৈ বৃদ্ধি হৈ হ’ল ৩৮,৮২০ টকা।
ইয়াৰ মাজতে, ৰূপৰ মূল্য ৬০ টকাকৈ বৃদ্ধি হৈ হ’ল ৪৫,১০০ টকা আৰু ৰূপৰ সাপ্তাহিক ডেলিভাৰীৰ মূল্য ১৩৩ টকাকৈ বৃদ্ধি হৈ প্ৰতিকেজিত হ’ল ৪৩,৭৬৫ টকা।