৯ বছৰীয়া কন্যাৰ ন্যায় লাভ, পিতৃয়ে কৰিছিল ধৰ্ষণ…

0
3083

৯ বছৰীয়া কন্যাৰ ন্যায় লাভ, পিতৃয়ে কৰিছিল ধৰ্ষণ…

৯ বছৰীয়া কন্যাৰ ন্যায় লাভ, পিতৃয়ে কৰিছিল ধৰ্ষণ। গোলাঘাটত এজন পিতৃক ২০ বছৰৰ কাৰাদণ্ড বিহে আদালতে।

গোলাঘাট বিশেষ আদালতৰ এই ঐতিহাসিক ৰায়দান। পিতৃৰ হাততেই ধৰ্ষণৰ বলি হোৱা কন্যাই লাভ কৰিলে ন্যায়।

২০২০ চনত বগীজান আৰক্ষী চকীৰ অন্তৰ্গত বগীজানত জনৈক তাঁতীয়ে নিজৰ ৯ বছৰীয়া কণ্যা সন্তানক ঘৰৰ ভিতৰতে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

পত্নীৰ গোচৰৰ ভিত্তীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তাঁতীক। সেই ঘটনাৰেই সাক্ষ্য প্ৰমাণৰ গ্ৰহণৰ অন্তত ১ ফেব্ৰুৱাৰী মংগলবাৰে মামুদ হুছেইন বৰভূঞাৰ আদালতে ২০ বছৰৰ কাৰাদণ্ড বিহিলে ধৰ্ষণকাৰী তাঁতীক।

তাৰোপৰি ধৰ্ষণকাৰী তাঁতীক ৫০০০ হেজাৰ টকাৰ জৰিমনা বিহাৰ লগতে ভূক্তভোগীক District Legel Service Athurity ক ক্ষতিপুৰণ দিয়াৰ নিৰ্দেশ দিয়ে আদালতে।

Input and Photo- Rajib Karmokar

আৰু পঢ়ক : ক’ভিড মহামাৰীৰ সময়ত ব্যাৱহাৰ হোৱা চিৰিঞ্জ, টেষ্টিং কীট, ভেকচিনৰ বটলে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিব : বিশ্ব স্বাস্থ্য সংস্থা