28.3 C
Guwahati
Thursday, October 14, 2021
More

    শিশু বিক্ৰী কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল অৰুণাচলীসহ ৫ জন

    এটি কনমানি কন্যা শিশু বিক্ৰী কৰিবলৈ আনোতে গহপুৰ নগৰৰ মাজ মজিয়াত অৰুণাচলী দম্পতিসহ ৫ জন লোকক ৰাইজে কৰায়ত্ব কৰে।

    বিশ্বনাথ জিলাৰ তিনিখুটিৰ ৰাজু দৰ্জী নামৰ শিশু সৰবৰাহকাৰিজনে বিভিন্ন প্ৰলোভন দি পিতৃৰ সৈতে ১০ বছৰীয়া কন্যা শিশুটিক অৰুণাচলীৰ ওচৰত বিক্ৰী কৰিবলৈ আনিছিল।

    শিশুটিৰ পিতৃ আৰু দালালে কন্যা শিশু টিক লৈ আহিছিল গহপুৰলৈ।

    উল্লেখ্য যে গহপুৰ নগৰত তাতুম লাম্পু, জেদাং থাপা আৰু গালোম গোমচাৰ, নামৰ মহিলাসহ অৰুণাচলী লোক কেইজনৰ লগত ধনৰ লেনদেন কৰি চমজাই দিয়াৰ সময়ত কান্দোনত ভাগি পৰা শিশু টোক দেখি সন্দেহ উপজাত ৰাইজে মহিলাসহ ৫ জনকৈ লোকক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে।

    গহপুৰ আৰক্ষীয়ে আটকাধীন লোক কেইজনক সোধ পোছ অব্যাহত ৰাখিছে।

    ইয়াৰ উপৰি ঘটনাটোত ব্যৱহৃত এ আৰ ০১ এন ৫০৩০ নম্বৰৰ স্কৰপিঅ বাহন এখনো গহপুৰ আৰক্ষীয়ে জব্দ কৰিছে।

    ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গহপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭১/৩৪ৰ অধীনত ২৭৮/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

    Input : Moon Gogoi

    আৰু পঢ়ক : কাজিৰঙা উদ্যানত কৰ্তব্যৰত অৱস্থাত মৃত্যু এগৰাকী বনকৰ্মীৰ, পৰিয়ালৰ সন্দেহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং