
শিশু ধৰ্ষণকাৰী মবিনচন মাৰাকক ২০ বছৰ সশ্ৰম কাৰাদণ্ড গোৱালাপাৰা জিলা বিশেষ আদালতৰ
শিশু ধৰ্ষণকাৰী মবিনচন মাৰাক নামৰ লোকজনক গোৱালপাৰা জিলা বিশেষ আদালতে ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে।
গোৱালপাৰা জিলা বিশেষ আদালতৰ শুভ্ৰাংশু ধৰৰ বিশেষ বিচাৰপীঠে এই ৰায়দান দিয়ে।
নিৰ্যাতিতাৰ হৈ আদালতত যুক্তি আগবঢ়াইছিল বিশেষ লোক অধিবক্তা সঞ্জয় শৰ্মায়।
POCSO আইনৰ ধাৰা নং চাৰি অনুসৰি দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰী মাৰাকক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(এবি) ধাৰাৰ অধীনত ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।
মবিনচন মাৰাৰ বিৰুদ্ধে ২০১৯ চনৰ জুন মাহত এগৰাকী ছয় বছৰীয়া নাবালিকা ধৰ্ষণ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল।
ক’ভিড পৰিস্থিতিৰ বাবে আদালত বন্ধ হৈ থকা স্বত্বেও শুভ্ৰাংশু ধৰৰ বিশেষ আদালতে গোচৰটো গুৰুত্ব সহকাৰে লৈ অতি ক্ষীপ্ৰতাৰে ৰায় প্ৰদান কৰি অভিযুক্তক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে।
ইপিনে, আদালতৰ এই ৰায়দানৰ পাছতে ভূক্তভোগী শিশুগৰাকীৰ পৰিয়ালৰ লোকে ভাৰতীয় ন্যায় ব্যাৱস্থাক ধন্যবাদ জ্ঞাপন কৰে।
ফটো আৰু ইনপুট- মঞ্জুৰ ভূঞা
আৰু পঢ়ক : মুছলমানৰ মাজত ভেকচিনক লৈ থকা শংকা আঁতৰ কৰাৰ বাবে চলমান খানৰ সহায় ল’ব এইখন চৰকাৰে