29 C
Guwahati
Sunday, September 19, 2021
More

    ”নিশা লৰা-ছোৱালী ক’ত কটাই সেয়া খবৰ ৰখা পিতৃ-মাতৃৰ দায়িত্ব” কিশোৰী ধৰ্ষণ সন্দৰ্ভত এগৰাকী মুখ্যমন্ত্ৰীৰ মন্তব্য

    ”নিশা লৰা-ছোৱালী ক’ত কটাই সেয়া খবৰ ৰখা পিতৃ-মাতৃৰ দায়িত্ব” কিশোৰী ধৰ্ষণ সন্দৰ্ভত এগৰাকী মুখ্যমন্ত্ৰীৰ মন্তব্য

     গোৱাত কিছুদিন পূৰ্বে দুই কিশোৰী ধৰ্ষণকাণ্ডই সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে এই সন্দৰ্ভত এক বিতৰ্কমূলক মন্তব্য প্ৰদান কৰে।

    মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ‘পিতৃ-মাতৃয়ে চাব লাগে যে তেওঁলোকৰ সৰা-ছোৱালী ক’ত যায়। ১৪ বছৰীয়া লৰা ছোৱালী গোটেই নিশা ক’ত কটাই সেয়া খবৰ ৰখাটো পিতৃ-মাতৃৰ দায়িত্ব। এই ক্ষেত্ৰত চৰকাৰ আৰু আৰক্ষীক সম্পূৰ্ণ দোষাৰোপ কৰিব নোৱাৰে”। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকী যথেষ্ঠ সমালোচনাৰ সন্মুখীন হয়।

    উল্লেখ্য যে, ২৪ জুলাইত গোৱাত এক ধৰ্ষণ কাণ্ড সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি ১০ গৰাকী কিশোৰ-কিশোৰী সাগৰৰ পাৰলৈ গৈছিল। ৬ জন উভতি আহিছিল যদিও ২ জন কিশোৰ আৰু ২ গৰাকী কিশোৰী নিশা তাতে কটাইছিল। তাৰ পিছতেই কিশোৰী ২ গৰাকীৰ লগত ধৰ্ষণ  আৰু কিশোৰ দুজনক মাৰপিট কৰা ঘটনা সংঘটিত হয়।

    আৰু পঢ়ক : ৭ কোটিৰো অধিক ফলোৱাৰেৰে টুইটাৰত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ৰাষ্ট্ৰনেতা নৰেন্দ্ৰ মোদী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং