26 C
Guwahati
Saturday, December 4, 2021
More

    গুৱাহাটীত নহ’ব কৃত্ৰিম বান! ১০ কোটিৰ বিনিময়ত পৌৰ নিগমে আনিলে ড্ৰেইন নিষ্কাষণৰ বাবে বিশেষ মেচিন

    গুৱাহাটীত নহ’ব কৃত্ৰিম বান! ১০ কোটিৰ বিনিময়ত পৌৰ নিগমে আনিলে ড্ৰেইন নিষ্কাষণৰ বাবে বিশেষ মেচিন

    চুপাৰ চাকাৰেৰে গুৱাহাটীৰ ড্ৰেইন নিষ্কাষণ গুৱাহাটী পৌৰ নিগমৰ। বুধবাৰে নিশাৰ পৰা ড্ৰেইন নিষ্কাষণৰ কাম আৰম্ভ কৰিলে পৌৰ নিগমে।

    দুটাকৈ মেচিনেৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত আৰম্ভ কৰিলে এই কাম। ইয়াৰ ফলত মহানগৰীত ৰোধ হ’ব কৃত্ৰিম বানৰ সমস্যা।

    দিল্লীৰ পৰা অনা হৈছে এই আধুনিক চুপাৰ চাকাৰ। ড্ৰেইনত জমা হোৱা জাৱৰ আৰু বালি উলিয়াই আনিব এই মেচিনেৰে। প্ৰথমে চান্দমাৰিত পৰীক্ষামূলক ভাবে আৰম্ভ কৰিলে কাম।

    প্ৰায় দহ কোটি টকাৰ বিনিময়তGMC এ ক্ৰয় কৰিব দহ খনকৈ এই ধৰণৰ চুপাৰ চাকাৰ। বুধবাৰে ৪ খন চুপাৰ চাকাৰ আনি নিষ্কাষণ কৰে মহানগৰীৰ ড্ৰেইন ৷

    আৰু পঢ়ক : ইমৰাণ খানৰ বিৰুদ্ধে অন্য দেশৰ পৰা লাভ কৰা উপহাৰ বিক্ৰীৰ অভিযোগ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং