
GMC বোকা নিষ্কাশন কেলেংকাৰীৰ খলনায়ক মিঠু আগৰৱালাক গ্ৰেপ্তাৰ ! । অতি ভিতৰুৱা অঞ্চলত কৰিছিল আত্মগোপন
অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল GMC বোকা নিষ্কাশন কেলেংকাৰীত নাম সাঙুৰ খোৱা মিঠু আগৰৱালা। GMC বোকা নিষ্কাশন কেলেংকাৰীৰ অন্যতম খলনায়ক মিঠু আগৰৱালাক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ পিছতে CM VIGILANCE ৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ৰ’জী কলিতাই কয় যে বিহাৰৰ চুপল জিলাৰ ট্ৰিবেনীগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মিঠু আগৰৱালাক । বিশেষ INTELLIGENT INPUTৰ আঁত ধৰি বিহাৰত উপস্থিত হৈছিল CM VIGILANCE ৰ এটা দল । অতি ভিতৰুৱা অঞ্চল ট্ৰিবেনীগঞ্জৰ এটা পৰিয়ালত আত্মগোপন কৰি আছিল মিঠু আগৰৱালাই ।
শনিবাৰে তেওঁক বিহাৰৰ চুপল জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব ।হাজিৰ কৰাই আগৰৱালাক ট্ৰেনজিৎ ৰিমাণ্ডত লৈ চিএম ভিজিলেন্সৰ দলটো আজি ৰাওনা হ’ব গুৱাহাটী অভিমুখে ।
ইতিমধ্য সৰ্বমুঠ ১৪ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।বৰ্তমানলৈ চাৰ্জ চিটত সন্নিবিষ্ট থকা শেষৰ গৰাকী মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে
CM VIGILANCE ।পৰৱৰ্তী সময়তো CM VIGILANCE ৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।