26 C
Guwahati
Wednesday, December 1, 2021
More

    অহা ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ লগতে পৌৰ সভাৰ নিৰ্বাচন

    অহা ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ লগতে পৌৰ সভাৰ নিৰ্বাচন

    তিনিবছৰীয়া প্ৰতিক্ষাৰ অন্ত পেলাই অহা বছৰৰ ফেব্ৰুৱাৰি মাহত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

    আজি বঙাইগাঁৱত এক দলীয় সভাত অংশ লোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে।

    মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আজি আমাৰ ৰাজ্যিক বিষয়ববীয়া সকলৰ বৈঠক আছিল। ফেব্ৰুৱাৰি মাহত হ’বলগীয়া পৌৰ সভা নিৰ্বাচন, দেউৰী স্বায়ত্ত শাসিত পৰিষদ আৰু ঠেঙাল-কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কত আলোচনা কৰিলো’।

    উল্লেখ্য যে, ২০১৩ চনতে অনুষ্ঠিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। ২০১৮ চনৰ ৩১ জুলাইত পৌৰ নিগমৰ পৰিষদৰ কাৰ্যকালৰ অন্ত পৰে। ইয়াৰ পিছৰে পৰা পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।

    ইফালে এইবাৰ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত ৱাৰ্ডৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ২০১৩ চনত মাত্ৰ ৩১ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন হৈছিল যদিও এইবাৰ ৬৪ টা ৱাৰ্ডত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

    কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিভাগৰ ভাৰপ্ৰাপ্ত জিলা নিৰ্বাচনী বিষয়া ভাস্কৰ কলিতাই পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰা নাই যদিও ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম আৰম্ভ কৰা বুলি উল্লেখ কৰে।

    গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ সমান্তৰালকৈ ফেব্ৰুৱাৰি মাহত ৰাজ্যৰ পৌৰ সভা আৰু দেউৰী স্বায়ত্ত শাসিত পৰিষদ আৰু ঠেঙাল-কছাৰী স্বায়ত্ত শাসিত পৰিষদৰো নিৰ্বাচন অনুষ্ঠিত হ’ব।

    আৰু পঢ়ক : ৯ দিনৰ পিছত হ’বলৈ গৈ আছে বছৰটোৰ শেষৰটো সূৰ্য গ্ৰহণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং