32 C
Guwahati
Friday, September 17, 2021
More

    ছাল শোতোৰা পৰা চুলি সৰি যোৱা, ১৮ বছৰ বয়সতে ১৪৪ বছৰীয়া যুৱতী

    ছাল শোতোৰা পৰা চুলি সৰি যোৱা, ১৮ বছৰ বয়সতে ১৪৪ বছৰীয়া যুৱতী

    এক গম্ভীৰ ৰোগত আক্ৰান্ত এগৰাকী যুৱতী। ১৮ বছৰ বয়সত শাৰীৰিক ভাৱে ১৪৪ বছৰীয়া দেখি যুৱতীগৰাকীক। ছাল শোতোৰা পৰি গৈছে সৰ্ব শৰীৰৰ। চুলিয়ো সকলো সৰি গৈছে। দাঁত বোৰো সৰি শেষ হোৱাৰ উপক্ৰম। কিন্তু বয়স কেৱল মাত্ৰ ১৮।

    মৃত্যুৰে যুঁজি যুঁজি অৱশেষত ১৭ জুলাই তাৰিখে ইহ সংসাৰ ত্যাগ কৰে ইংলেণ্ডৰ নিবাসী স্মিথ। মৃত্যুৰ সময়ত স্মিথে মাকক কৈ যায়, ‘এতিয়া সময় হৈছে আৰু-মোক যাবলৈ দিয়া’। খুউৱ বেছি ১৪ বছৰ বয়সলৈ জীয়াই থকাৰ ক্ষমতা থকা এনে বিৰল ৰোগত আক্ৰন্ত স্মিথে ১৮ বছৰ বয়স পাৰ কৰে।

    স্মিথ hutchinson gilford progeria syndrome নামৰ এবিধ অতিকে বিৰল ৰোগত আক্ৰান্ত আছিল। যি ৰোগৰ বাবে কেৱল মাত্ৰ ১ বছৰ বয়সতে ৮ বছৰীয়া শিশুৰ দৰে হৈ পৰিছিল স্মিথ।

    মাতৃয়ো জনোৱা মতে, শৰীৰে যিয়েই নকৰক, স্মিথৰ মন সদায়ে সুখি হৈ আছিল। শৰীৰে লগ নিদিয়েও বন্ধু-বান্ধৱীৰ সৈতেও ঘুৰা-ফুৰা কৰিছিল। কোনোদিনে নিজৰ অসুবিধাৰ কথা কাৰোৰে আগত কৈ ফুৰা নাছিল। মৃত্যুৰ সময়তো মাতৃক সুখেৰে থকাৰ বাবে কৈ থৈ যায় স্মিথে।

    আৰু পঢ়ক : ৮০০ টকীয়া ‘ছাউণ্ড বক্স’ৰ বাবেই হত্যা কৰা হ’ল নেকি ষষ্ঠ শ্ৰেণীৰ চহিদুলক? তদন্তৰ দাবী পৰিয়ালৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং