প্ৰেমিকায়ে ইনষ্টাগ্ৰামত কথা পাতিছিল আন এজন যুৱকৰ সৈতে, খঙত অগ্নিশর্মা হৈ প্ৰেমিক কিশোৰে হত্যা কৰিলে প্ৰেমিকাক! পথাৰত উদ্ধাৰ মৃতদেহ…

0
248
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰেমিকায়ে ইনষ্টাগ্ৰামত কথা পাতিছিল আন এজন যুৱকৰ সৈতে, খঙত অগ্নিশর্মা হৈ প্ৰেমিক কিশোৰে হত্যা কৰিলে প্ৰেমিকাক! পথাৰত উদ্ধাৰ মৃতদেহ…

প্ৰেমিকাই আন এজন যুৱকৰ সৈতে কথা পতাৰ কথা জানিব পাৰি ঝাৰখণ্ডৰ গোড্ডা জিলাৰ এগৰাকী ১৭ বছৰীয়া যুৱকে এগৰাকী যুৱতীক হত্যা কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে জনোৱা মতে, হোলীৰ দিনটোতে কিশোৰীগৰাকী নিৰুদ্দেশ হৈছিল আৰু দুদিন পিছতে পথাৰত মৃতদেহ উদ্ধাৰ কৰে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, ল’ৰাজন আৰু ছোৱালীজনীয়ে উৰ্জনগৰৰ এখন সুনামধন্য ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িছিল আৰু প্ৰেমৰ সম্পৰ্ক আছিল।

যেতিয়া ল’ৰাটোৱে ইনষ্টাগ্ৰামত প্ৰেমিকায়ে আন এজন যুৱকৰ লগত কথা পাতিছে বুলি গম পালে তেতিয়া বুধবাৰে পুৱা ছোৱালীজনীয়ে বন্ধুৰ সৈতে হোলী উদযাপন কৰিবলৈ যোৱাৰ সময়ত খঙত লোহাৰ ৰডেৰে আক্ৰমণ কৰে।

মূৰত আঘাত কৰে। আৰক্ষী অধীক্ষক নাথু সিং মীনাই কয় যে অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰিছে। একে সময়তে হত্যাকাণ্ডত ব্যৱহৃত ৰড আৰু কিশোৰীগৰাকীৰ ফোন উদ্ধাৰ কৰে মৃতদেহৰ পৰা কেইমিটাৰমান দূৰত।