31 C
Guwahati
Tuesday, September 27, 2022
More

    ৭ বছৰ লিভ-ইন , তাৰ পিছত হত্যা ! হত্যা কৰি প্ৰেমিকাই মৃতদেহ নিলে এটা ট্ৰলী বেগত

    ৭ বছৰ লিভ-ইন , তাৰ পিছত হত্যা ! হত্যা কৰি প্ৰেমিকাই মৃতদেহ নিলে এটা ট্ৰলী বেগত

    উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এগৰাকী মহিলাই তেওঁৰ প্ৰেমিকক নিৰ্মমভাৱে হত্যা কৰে। জানিবলৈ পোৱা মতে প্ৰীতি শৰ্মা নামৰ এগৰাকী বিবাহীত মহিলাই স্বামীৰ পৰা আতৰি আহি প্ৰায় ৬-৭ বছৰ ফিৰোজ নামৰ এজন যুৱকৰ লগত লিভ-ইনৰ সম্পৰ্কত আছিলে।

    ফিৰোজৰ লগত বিয়া হোৱাক লৈ দেওবাৰে নিশা প্ৰীতি আৰু ফিৰোজৰ মাজত এক কাজিয়াৰ সূত্ৰপাত হয়। কাজিয়া ইমানেই ডাঙৰ হয় যে প্ৰীতিয়ে ফিৰোজৰ ডিঙি কাটি দিয়ে।

    ফিৰোজক হত্যা কৰি এটা ডাঙৰ ট্ৰলী বেগত মৃতদেহটো দাজিয়াবাদ ৰে’লৱে ষ্টেচনত পেলাবলৈ নিয়ে। কিন্তু আধা বাটতে পুলিচক দেখি ভয় খাই পলাবলৈ লওতেই আৰক্ষীয়ে প্ৰীতিক আটক কৰে।

    আৰক্ষীয়ে প্ৰীতিৰ হাতত থকা বেগটো খুলি দিয়াত সকলো আচৰিত হয়। আৰক্ষীয়ে প্ৰীতিক সোধা-পোচা কৰাত তেওঁ সকলো কথা কৱলৈ বাধ্য হয়। আৰক্ষীয়ে প্ৰীতিক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং