26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভাল ফলৰ আশা কৰিছিল, পৰীক্ষা বাতিলৰ খবৰত নিৰাশ হৈ নিজকে শেষ কৰি দিলে ৰাণীয়ে

    ভাল ফলৰ আশা কৰিছিল, পৰীক্ষা বাতিলৰ খবৰত নিৰাশ হৈ নিজকে শেষ কৰি দিলে ৰাণীয়ে। বহু কষ্ট কৰি দিন ৰাত এক কৰি পঢ়ি অৱশেষত আহিল চৰকাৰৰ সিদ্ধান্ত। এইবাৰ পৰীক্ষা নহয়।

    মাক-বাপেকক এক ভাল ফলাফল দেখুৱাবলৈ বুলি কৰা আশা আশাতেই থাকি গ’ল লখিমপুৰৰ ৰাণীৰ। অৱশেষত নিৰাশা আৰু হতাশাত ভুগি বাছি ল’লে চৰম পথ। আত্মহত্যা কৰি নিজকে শেষ কৰি দিলে ৰাণী গগৈ নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে।

    লখিমপুৰৰ ক’ৰ্চনৰ মাজৰকুৰিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। শিক্ষা বিভাগৰ পৰীক্ষা বাতিলৰ সিদ্ধান্তৰ পিছতে মেধাৱী ছাত্ৰীৰ আত্মহত্যা। বাৰে বাৰে আশা দি শেষত বাতিলৰ সিদ্ধান্ত অহাত আৰু সহ্য কৰিব নোৱাৰিলে।

    উন্নত মানৰ ফলা ফলৰ আশাৰে মেট্ৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আশা আছিল মেধাৱী ছাত্ৰী গৰাকীৰ। পৰীক্ষা বাতিলৰ খবৰ পাই নিৰাশ হোৱাৰ বাবেই আত্মহত্যাৰ পথ বাছি লোৱাৰ সন্দেহ ছাত্ৰী গৰাকীৰ পৰিয়ালৰ ।

    ৰাণী গগৈ বাসগৃহত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে । লগতে উদ্ধাৰ কৰিছে ৰাণীৰ মৃতদেহ।

    Input and Photo-Hassinur Alom

    আৰু পঢ়ক : ৮ বছৰ পূৰ্বে অৱসৰ ল’লেও ২১ শতিকাৰ শ্ৰেষ্ঠ বেটছমেন শচীন তেণ্ডুলকাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং