
মধ্যপ্ৰদেশত বৃহস্পতিবাৰে এগৰাকী ছাত্ৰীয়ে কাৰাগাৰৰ পৰা আহি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হয়।
মধ্যপ্ৰদেশৰ গুণাত এইদৰে কাৰাগাৰৰ পৰা আহি দ্বাদশ শ্ৰেণীৰ ছাত্ৰী গৰাকী অৱতীৰ্ণ হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে এই খবৰে মানুহৰ মাজত যথেষ্ট চৰ্চা লাভ কৰে।
কাৰাগাৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰী গৰাকীৰ নাম সন্ধ্যা সাধু। এগৰাকী ৩০ বছৰীয়া যুৱকক আক্ৰমণ কৰাৰ অভিযোগত সাধুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
অভিযোগ অনুসৰি, ৩০ বছৰীয়া যুৱকজনে সাধুক নিৰ্যাতন চলাইছিল যাৰবাবে সাধু আৰু তেওঁৰ পৰিয়ালে লগ হৈ যুৱকজনক আক্ৰমণ কৰিছিল।
সাধুৱে লাঠিৰে যুৱকজনক প্ৰহাৰ কৰাৰ ফলত যুৱকজন আঘাতপ্ৰাপ্ত হৈছিল।
ইপিনে, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত সাধুক পুনৰ আৰক্ষীয়ে কাৰাগাৰলৈ লৈ যায়।
সন্ধ্যা সাধুৱে কাৰাগাৰৰ পৰা আহি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে সামাজিক মাধ্যমত বহু লোকে সাধুৰ মানসিক দৃঢ়তাৰ শলাগ লয়।
বহুসংখ্যক লোকে নিৰ্যাতনকাৰীক আক্ৰমণ কৰা বাবে ভূক্তভোগীয়ে কাৰাবাস খাটিবলগীয়া হোৱা বাবে ন্যায় ব্যাৱস্থাৰ ওপৰতো প্ৰশ্ন তোলে।