শ্বপিংমলৰ যুৱতী কৰ্মচাৰীক যৌন নিৰ্যাতন, বৰপেটাত চাঞ্চল্য

0
282

বৰপেটাৰ V2 শ্বপিংমলত এগৰাকী যুৱতী কৰ্মচাৰীক শ্লীলতাহানিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপনৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। হাফিজুৰ ৰহমান নামৰ এজন যুৱকে শ্বপিংমলত কৰ্মৰত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। যুৱতীগৰাকী কৰ্মস্থলীত উপস্থিত হোৱাৰ মুহূৰ্ততে গাড়ী পাৰ্কিংথলীলৈ টানি নি শ্লীলতাহানিৰ চেষ্টা চলায় যুৱকজনে।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল হাফিজুৰ ৰহমানে। প্ৰেম প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই যৌন নিৰ্যাতন চলোৱা বুলি যুৱকজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। ইপিনে ঘটনাটোৰ সময়ত শ্বপিংমলৰ চিচিটিভি কেমেৰা বন্ধ থকাক লৈও সমগ্ৰ ঘটনা সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত। নিশা ১ বজাৰ পৰা পুৱা ৯.৩০ বজালৈকে হেনো বন্ধ হৈ থাকে শ্বপিংমলৰ চিচিটিভি কেমেৰা। ঘটনাত শ্বপিংমলৰ আন লোকো জড়িত থকাৰ সন্দেহ কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে।

আনহাতে সহায় ভিক্ষা কৰাৰ পাছতো কিন্তু আগবাঢ়ি নাহিল ওচৰৰ কোনো এজন লোক। ভুক্তভোগী যুৱতীগৰাকীয়ে উত্থাপন কৰিছে অভিযোগ। সমগ্ৰ ঘটনাটোক লৈ হিন্দু জাগৰণ মঞ্চই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। অন্যথা সংগঠনটোৱে নিজে ব্যৱস্থা ল’ব বুলি দিছে হুংকাৰ।