31 C
Guwahati
Thursday, September 29, 2022
More

    বিদ্যালয়লৈ যোৱাৰ সময়তে হৈছিল নিৰুদ্দেশ ! ৯ বছৰৰ পিছত সন্ধান পালে কিশোৰীৰ

    বিদ্যালয়লৈ যোৱাৰ সময়তে হৈছিল নিৰুদ্দেশ ! ৯ বছৰৰ পিছত সন্ধান পালে কিশোৰীৰ

    অপহৰণৰ ৯ বছৰতকৈ অধিক সময়ৰ পিছত ঘৰলৈ ঘুৰি আহিল এগৰাকী কিশোৰী।কিশোৰী গৰাকীৰ নাম পূজা গৌড়। ২০১৩ চনৰ ২২ জানুৱাৰী তাৰিখে পূজাই তাইৰ ককায়েকৰ সৈতে বিদ্যালয়লৈ গৈ আছিল।

    কিন্তু ককায়েকে খৰকৈ খোজ কাঢ়ি গুচি যোৱাৰ পিছতে কিশোৰী গৰাকীক এজন ব্যক্তিয়ে অপহৰণ কৰে। কিশোৰী গৰাকী সন্ধানহীন হোৱাৰ পিছতে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে আৰু তদন্ত আৰম্ভ কৰে।

    কিন্তু বহু বিচৰাৰ পিছতো আৰক্ষীয়ে সন্ধানলাভ কৰিব নোৱাৰিলে কিশোৰী গৰাকীৰ। অৱশেষত ৯ বছৰৰ অন্তত শণিবাৰে কিশোৰী গৰাকী তেওঁৰ ঘৰলৈ ঘুৰি আহে।জানিব পৰা মতে পূজা নামৰ কিশোৰী গৰাকীয়ে কিছুদিন পূৰ্বে তাইৰ চিনাকি এগৰাকী মহিলাক সকলো কথা কয়।

    মহিলা গৰাকীয়ে ছ’চিয়েল মিডিয়াত কিশোৰি গৰাকী নিৰুদ্দেশ হোৱাৰ বিষয়ে কিবা তথ্য পাই নেকি অনুসন্ধান কৰে। অনুসন্ধানত মহিলা গৰাকীয়ে সকলো কথা গম পাই আৰু আৰক্ষীক সকলো কথা অৱগত কৰে।

    আৰক্ষীয়ে কিশোৰী গৰাকীক জেৰা কৰে। জেৰাত সকলো কথা গম পোৱাত কিশোৰী গৰাকীক পৰিয়ালৰ লোকৰ হাতত গতাই দিয়ে। পূজাক অপহৰণ কৰা লোক জনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং