
ডিমৌত সংঘটিত হৈছে এক জঘন্য ঘটনা। দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক কৌশলেৰে মাতি নি বলপূৰ্বকভাৱে ধৰ্ষণ লম্পট যুৱকৰ। ধৰ্ষণ কৰি ভিডিঅ’ ভাইৰেল কৰিলে ছচিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’ক লৈ এতিয়া চাঞ্চ্যলৰ সৃষ্টি হৈছে ডিমৌত।
শিৱসাগৰৰ মুন বৰা নামৰ যুৱকজনে ছাত্ৰীগৰাকীৰ লগত এই কু-কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীৰ আত্মীয়ই। উল্লেখ্য যে, ৩ মাহৰ পূৰ্বে শিৱসাগৰৰ ডিমৌৰ পৰা কিতাপ ক্ৰয় কৰিবলৈ অহা ছাত্ৰীগৰাকীক ভাবুকি দি কৌশলপূৰ্ণভাৱে গাড়ীৰে শিৱসাগৰৰ এখন হোটেলত নি মুন বৰা নামৰ যুৱকজনে ছাত্ৰীগৰাকীক চলাইছিল যৌন নিৰ্যাতন।
অভিযুক্ত মুন বৰাই ধৰ্ষণৰ সমগ্ৰ দৃশ্য বন্দী কৰিছিল নিজৰ গোপন কেমেৰাত। ইয়াৰ পিছত ঘটনাটোৰ বিষয়ে পৰিয়ালক নকবলৈ ছাত্ৰীগৰাকীক মৃত্যুৰ ভাবুকি দি ডিমৌত গাড়ীৰে নমাই থৈ গৈছিল। পিছত ভাইৰেল ভিডিঅ’ৰ জৰিয়তে ঘটনাটোৰ বিষয়ে অৱগত হয় পিতৃ-মাতৃ। ঘটনা সন্দৰ্ভত ডিমৌ আৰক্ষী থানাত গোচৰ ৰুজু।