
শিৱসাগৰত ৰে’লত এগৰাকী মেধাৱী ছাত্ৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত বিকাশ দাসৰ শাস্তি আদালতে ঘোষণা কৰিব ৩ অক্টোবৰত।
২৭ ছেপ্টেম্বৰত শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হৈছিল চূড়ান্ত বিচাৰ প্ৰক্ৰিয়া। হত্যাকাণ্ডৰ শুনানিৰ অন্তত শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ঘটনাৰ ৰায় দান কৰিছিল। অভিযুক্ত বিকাশ দাসক দোষী সাব্যস্ত কৰাৰ লগতে বিপিন পাণ্ডেক গোচৰৰ পৰা মুক্তি কৰি দিয়া হৈছিল।
উল্লখ্য যে, উল্লেখ্য যে ২০১৮ৰ ১০ জুলাইত শিৱসাগৰৰ এগৰাকী মেধাৱী ছাত্ৰীক ৰে’লত ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে শিৱসাগৰ নগৰ ৰে’ল ষ্টেচনৰ পৰা মোমায়েকৰ ঘৰলৈ যাত্ৰা কৰাৰ সময়ত শিমলুগুৰি ৰে’ল ষ্টেচন পোৱাৰ মাত্ৰ ২০ মিনিটৰ পূৰ্বে এই পাষণ্ডই ধৰ্ষণ কৰি হত্যা কৰিছিল।
পৰৱৰ্তী সময়ত ৰে’ল আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান চলাই ডিব্ৰুগড় আৰু শিৱসাগৰ আৰক্ষীৰ সহযোগত ২ অভিযুক্ত ক্ৰমে বিকাশ দাস আৰু বিপিন পাণ্ডেক আটক কৰিবলৈ সক্ষম হৈছিল।